নাৰী বিষয়ক কবিতা | Super 100

(নাৰী বিষয়ক কবিতা) নাৰী” মমতা, সৌন্দৰ্য, সাহস আৰু ত্যাগৰ প্ৰতীক৷পৃথিৱীৰ আটাইতকৈ কোমল আৰু মমতাময়ী শব্দ৷ নাৰীতেই আৰম্ভ হয় এটি এটি নিস্কলুষ আৰু চৰ্তহীন সম্পৰ্কৰ ৷ “‘নাৰী’ ….আমাৰ জীৱনৰ নিয়ন্ত্ৰণ আৰু প্ৰেৰণা৷ বিশ্বৰ গতিশীলতা বৰ্তাই ৰাখিবৰ বাবেই সৃষ্টি কৰা হৈছিল নাৰীক৷ বিশ্ব ব্ৰহ্মাণ্ডত আদিম কালৰ পৰাই নাৰীৰ প্ৰভাৱ অপৰিসীম৷ নাৰীতেই জন্ম হৈ আহিছে হেজাৰটা শতিকা।
নাৰী বাবেই  নেকি…?

 তুমি
 অনন্যা
 অনুপমা
 অপৰূপা
 মূৰ্ত প্ৰকাশ সৌন্দৰ্য্যৰ….
 তোমতেই বিৰাজমান 
 কোনো "ডিভাইন কমেডি" ৰ
 বিয়েট্ৰিছ
 অথবা
 "অথেলো"ৰ ডেছডিমনা…।
 তুমিয়েইটো কোনো "এন্টনি"ৰ 
 ক্লিওপেট্ৰা
 অথবা 
 কোনো "চাহজাহান"ৰ মমতাজ..।
 তুমিয়ে পৃথিৱীৰ মাতৃ,
 তোমাতেই হেনো সৃষ্টি
 তথাপি কিয়….?
 কিয় 
 বাৰে বাৰে জন্ম হয় 
 শ শ বীৰুবালা…
 যুগে যুগে পতিতা হয় 
 বহু অহল্যা….
 কিয় শেষ নিশা উচুপি উঠে 
 আজিও হেজাৰ ধৰ্ষিতা দামিনী…..?
 নাৰী বাবেই নেকি….?

 ✍বনশ্ৰী বৰ্ষা ডেকা
নাৰী মই

 মোৰ আগমনত 
 পিতাইৰ চাগে হাঁহি হেৰাইছিল 
 পৰিভ্ৰমী পখীৰ ডেউকাৰ শবদত 
 হৃদয়ত এসোঁতা হুমুনিয়াহ চৰিছিল 
 মই যে আঁচলৰ ধন, আপোনজনৰতো ঋণ 
 সময়ত পৰিশোধ কৰিব লাগিব 
 অতিথিৰ  আতিথ্য কত দিন 
 বোজা লাঘৱ হ'ব লাগিব 
 ঘৰখন নিকা  কৰিব লাগিব 
 এনেদৰে  চাগে আয়ে পিতাইক কৈছিল 
 এক আধ্যা সমাপনৰ শেষত 
 বেদনাত জহি-খহি 
 সেউজীয়া ভবিষ্যতৰ সন্ধানত
 ক্ষয় যায় সময়ৰ দলিচা
 বুজিছিলিনে  আই তই 
 তোৰ নাড়ী বিচ্ছেদৰ বেদনা 
 মই যে  নীৰৱে নিৰন্তৰ 
  পি যাওঁ  লুণীয়া লোতক 
 নিবিচাৰোঁ , বিচাৰিব নোৱাৰোঁ 
  জীৱনৰ অধ্যায়
  তহঁতৰ আজ্ঞা যে পৰিধায়ী 
  সংস্কাৰ  সালংকৃত কৰি 
 হৃদয়ৰ অগনিত  বৃষ্টি বৰষাই 
 মাথোঁ  বিচাৰোঁ এমুঠি জোনাক 
 বিচাৰোঁ কাৰোবাৰ হিয়াৰ কোণত  
 এধানিমান নিগাজী ঠাই 
 ঈশ্বৰ পুত্ৰৰ 
 মদৰুৱা নিষ্পন্দ ৰূপটোৱে  
 বাৰে বাৰে সোঁৱৰাই 
 শতৰুক  আদৰাৰ বিভীষিকা 
 তথাপিও লিখি যাওঁ জীৱনৰ এপিতাফ 
 উভতি নোচোৱাৰ  প্ৰতিশ্ৰুতিৰে 
 শুনিছোঁ ..
 সৃষ্টিৰ আধাৰ মই 
 শক্তিস্বৰূপা মই 
 যুগস্ৰষ্টাও মই 
 তথাপিও যুগে যুগে 
 অস্তিত্বহীন, অভিশপ্ত নাৰী মই ..।

 ✍ৰীতামণি ডেকা ভৰালী
বহুধা ৰূপত নাৰী

 সৃষ্টি কৰ্তাৰ অনুপম সৃষ্টি নাৰী
 সুকোমল অনুভূতি আৰু মমতাৰে বহুৰূপা
 জীৱনৰ দীৰ্ঘ পৰিক্ৰমাত অপৰূপা
 নাৰীৰ ভিন্ন ৰূপত প্ৰস্ফূটিত,
 নিপুণ হাতেৰে পৰিচালিত 
 প্ৰাত্যাহিক জীৱনৰ খলা -বমা
 নাৰী তুমি বহুৰূপা মমতাময়ী
 মাতৃ হৈ সন্তানক দিয়া পথৰ সন্ধান
 ৰোগাক্ৰান্ত জনৰ পৰিচৰ্যাত তুমি ধাত্ৰী
 ভোকাতুৰৰ ক্ষুধা নিবাৰণত তুমিয়েই অন্নপূৰ্ণা
 জীৱন সংগীৰ তুমি পত্নী, সখী জীৱনৰ দ্যুতি…
 তুমি নিঃস্ব হলেও মনৰ অদম্য হেঁপাহত
 দৰিদ্ৰতাৰ পৰা মুক্ত হোৱাৰ অধ্যয়নৰ লিপ্সা
 বিচাৰি পোৱা সাধনালব্ধ জ্ঞানৰ জ্যোতি 
 মূৰৰ ওপৰৰ আকাশ হেৰালেও
 অসহায় হলেও সাহসী নাৰী তুমি
 সন্তানক দিয়া আদিপাঠ জীৱনৰ
 অনাৱিষ্কৃত প্ৰতিভাই মূৰ তোলে
 সুখৰ সংজ্ঞা বিচাৰি …
 ছা -পোহৰৰ অনিশ্চিত পথত
 কেতিয়াবা নিৰ্যাতিতা,কেতিয়াবা সুনামেৰে
 শত দুৰ্যোগতো নিজস্বতা নেহেৰুৱা নাৰী
 সংগ্ৰামত থমকি নোৰোৱা তুমি 
 ঘৰখনক ঘৰ কৰি ৰখাৰ বাবেই
 তোমাৰ মুখলৈ উন্মূখ হৈ চাই ৰোৱা
 আপোনজনৰ বাবে জিলিকি উঠা
 নাৰী তুমি সেৱা আৰু মমতাৰে
 জীৱন কালত যে বহুধা ৰূপত
 যেন সৰগৰ পৱিত্ৰ জলধি
 তৃষাতুৰ প্ৰাণৰ তুমিয়েই সঞ্জীৱনী
 প্ৰকৃতি পুৰুষৰ তুমি অৰ্ধাঙ্গিনী…

 ✍মঞ্জু ৰাণী দেৱী
 টিংৰাই, ডিগৱৈ
নাৰী

 জন্মসূত্ৰে দুডাল সৱল বৃক্ষৰ বাউসিত ধৰি 
 লেহুকা লতাৰ দৰে আগুৱাই
 ধুমুহা,বতাহে কোবাই
 বাৰে বাৰে দুৰ্বল কৰিলেও
 সময়ত মূৰ দাঙি উঠে 
 এক সংগ্ৰামী সত্তা হৈ
 জীৱনৰ সংগ্ৰামত পৰাশ্ৰয়ী
 হ’লেও জীয়াব তাই
 অভিজ্ঞতাৰ জখলাত বগাই
 লাজুকী লতাৰ পৰা 
 সৱল গছ হয় 
 জন্মদাতা নাথাকে আজীৱন
 আয়তী উৰুলিৰ মংগল ধ্বনিৰে
 দুবাহুৰ আশ্ৰয় সলাই 
 বুকুৰ বনত ঘৰ তৰে তাৰ৷
 নতুন বনত
 ঋতুৰ দৰে ৰূপ সলনি কৰি
 অনন্যা,মমতাময়ী,দুৰ্গা,কালি…
 কেতিয়াবা অস্তিত্ব বিচাৰি পায় 
 আৰু কেতিয়াবা অস্তিত্বহীন 
 নিত্য নতুন সমস্যা
 হেলাৰঙে ওফৰাই
 প্ৰকৃতিৰ তিতা মিঠা 
 সোৱাদেৰে পৰিপূৰ্ণ হৈ
 এসময়ত তাই বটবৃক্ষ হয়৷
 
✍ উষা হাজৰিকা
নাৰী

 গোলাপৰ কলিৰ কোমলতা সানি
 আইৰ কোলা শুৱনি কৰিছিল,
 লখিমীৰ আগমনত
 মুখে-মুখে খিলখিলাইছিল
 পূৰ্ণিমাৰ জিক্‌মিক্‌ জোনাক!
 এখোজ-দুখোজকৈ বিষ্ময়ৰ বাট বুলিছিল,
 হাতে-হাতে স্নিগ্ধ পৰশ যাঁচিছিল,
 গালে-গালে উপচাইছিল
 আকলুৱা মৰমৰ শিহৰণ!
 উদ্ভাসিত সৌন্দৰ্যৰে
 মোহিনীৰূপ লৈছিল,
 সৃষ্টিৰ মন্ত্ৰ হিয়াত সাৱটি
 প্ৰেমৰ বন্যাত সাঁতুৰিছিল!
 শক্তিধাৰিণীৰ উচ্ছাসেৰে
 সাহসৰ শইচ সিঁচিছিল,
 মমতাভৰা সেউজ হৃদয়ৰে
 মনৱতাৰ গান গুণগুণাইছিল৷
 নাৰী-গুণেৰে শৃংগাৰ কৰি
 সাগৰসম দুখ ঢাকি
 হাঁহিবলৈ শিকিছিল,
 অভিমান এৰি বিলাবলৈ,
 বিলীন হৈ নাচিবলৈ,
 এদিন অভিজ্ঞ হৈ উঠিছিল…
হে নাৰী,
 প্ৰণামো তোমাক!

 ✍️ গৌতম মালাকাৰ
কৰিমগঞ্জ
নাৰী তুমি অনন্যা

 নাৰী তুমি অনন্যা
  তোমাৰ পৰশতে যুগ যুগান্তৰ ধৰি
 প্ৰাণৱন্ত মানৱৰ অস্তিত্ব।
 ভূমিষ্ঠ হোৱা নৱজাতকৰ প্ৰথম কান্দোনত
 হাঁহিৰ মুকুতা সৰা
 বেদনাসিক্ত প্ৰতিগৰাকী নাৰীৰ
 নয়নৰে  বৰষুণ নামে,
 যেতিয়া ন মাহ দহ দিন গৰ্ভস্থ সন্তানে
 হৃদয় ভাঙি অশান্তিৰ প্লাৱন আনে।
 পদে পদে লাঞ্ছিত হৈ
 সতীত্ব হানি হোৱা
 কৰুণ আত্মগাঁথাৰ কাহিনীত
 দেৱীতুল্য নাৰীৰ অন্তৰেও
 উজাগৰি ৰাতি নীৰৱে চকুলো টোকে।
 সমঅধিকাৰৰ সংজ্ঞা থাকিও আজি দিশহাৰা
 ৰাতিক দিন কৰি,দিনক ৰাতি কৰি
 যন্ত্ৰচালিত  শৰীৰ আজি ।
 কাৰো আহৰি নাই 
 নাৰীৰ সুখ দুখৰ সমভাগী হ'বলৈ 
 অন্তৰাত্মাৰ বুজ ল'বলৈ
 অলেখ লেখৰ মাজতো
 সৰ্বশ্ৰেষ্ঠ প্ৰাণকৰ্তা নাৰীৰ অস্তিত্ব।
 নাৰীৰ সান্নিধ্যতে ধৰিত্ৰীত প্ৰেমে গুনগুনাই 
 ৰঙা গোলাপৰ পাহিৰে স্বপ্নৰ পৃথিৱীত
 সুখৰ সংজ্ঞা বিচাৰি
 ন ন সপোন কবিতা ৰচে।
             
 ✍মোহাইমিনুৰ ৰহমান

প্ৰেমৰ কবিতা

E-Paper

Back to top button
%d bloggers like this: