অসম

নিজকে আৰক্ষী বুলি চিনাকী দিয়া ভুৱা দম্পতী

সংবাদদাতা, পুৰণিগুদাম : নগাঁও জিলাৰ পুৰণিগুদাম আৰক্ষী চকীৰ অধীনৰ চলচলি মুচলিম গাঁৱত বাহৰ পাতি থকা এহাল দম্পতীক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। জানিব পৰা মতে নিজকে নগাঁও জিলাৰ আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ কৰ্মচাৰী বুলি পৰিচয় দি বিভিন্ন সময়ত জালিয়াতিৰ আশ্ৰয় লোৱা এইহাল দম্পতী বিভিন্ন সময়ত বিভিন্ন গোচৰত নাম সাঙোৰ খাই আহিছে।

শেহতীয়াকৈ পংকজ বৰা নামৰ এজন ড্ৰাগছ ব্যৱসায়ীক যোৱা ১৭ জুন তাৰিখে পুৰণিগুদাম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি দুদিনৰ আৰক্ষীৰ জিম্মাত ৰাখিছিল। হায়েংথল অঞ্চলৰ এইজন ড্ৰাগছ ব্যৱসায়ীক আৰক্ষীৰ কবলৰ পৰা মুক্ত কৰি দিয়াৰ প্ৰতিশ্ৰুতিৰে ৰাজীৱ বৰদলৈ আৰু তেওঁৰ পত্নী ইবটিছাম আহমেদে পঞ্চাশ হাজাৰ টকা

দাবী কৰিছিল। আৰক্ষী বিভাগৰ কৰ্মচাৰী বুলি চিনাকী দি ধন দাবী কৰা এইহাল দম্পতীক আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে। বিভিন্ন সময়ত অপৰাধ জনিত বিষয়ত সাঙোৰ খাই পৰা এইহাল দম্পতীক গৰু চুৰি ঘটনাৰ সন্দেহতো চলচলিৰ ৰাইজে বিগত বৰ্ষত আটক কৰি আৰক্ষীক চমজাই দিছিল।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: