অসম
নুমলীগড়ৰ লেটেকুজান চাহ বাগিচাত শ শ শ্ৰমিকৰ তীব্ৰ প্ৰতিবাদ

সংবাদদাতা, গোলাঘাট:- নুমলীগড়ৰ এমালগেমেটেড টি প্লেনটেশ্যন প্ৰাইভেট লিমিটেডৰ অধীনৰ লেটেকুজান চাহ বাগিচাৰ ৫১ বিঘা চাহ ভূমি এ পি জি চি এল ক হস্তান্তৰ কৰাৰ বিৰুদ্ধে বাগিচা কৰ্তৃপক্ষক কঠোৰ সমালোচনা শ্ৰমিক ৰাইজৰ। ৫১ বিঘাটো বাদেই এজোপা চাহ গছো উভালিবলৈ দিয়া নহ’ব বুলি হুংকাৰ প্ৰদান কৰে শ্ৰমিকসকলে। শ্ৰমিক ৰাইজৰ বাগিচাখনত আছে বিশ শতাংশ অংশীদাৰিত্ব। গতিকে শ্ৰমিকক আন্ধাৰত ৰাখি বাগিচা কৰ্তৃপক্ষই এপিজিচিএল ক বাগিচাৰ মাটি বিক্ৰী কাৰ্য মানি লোৱা নহব বুলি সকিয়াই দি আজি বাগিচা কৰ্তৃপক্ষৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে শ শ শ্ৰমিকে। শীঘ্ৰেই বাগিচাৰ মাটি বিক্ৰী বন্ধ কৰি বাগিচাখনৰ সাতহাজাৰ জনসাধাৰণৰ ভবিষ্যত আৰ্থিক নিৰাপত্তা প্ৰদানৰ দাবী জনায়। অন্যথা বাগিচা কৰ্তৃপক্ষ যিকোনো পৰিস্থিতিৰ সন্মুখীন হবলৈ সাজু থাকক বুলিও সকিয়াই দিয়ে।