অসম

নেইমচৰ ২১ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

সংবাদদাতা, পশ্চিম যোৰহাট:- নৰ্থ-ইষ্ট ইনষ্টিটিউট অৱ মেনেজমেণ্ট ছাইন্স (নেইমচ)ৰ ২১ সংখ্যক প্ৰতিষ্ঠা দিৱস ২৫ আগষ্টত প্ৰতিষ্ঠানখনৰ চৌহদস্থিত প্ৰেক্ষাগৃহত নিৰ্দিষ্ট সংখ্যক লোকৰ উপস্থিতিত পালন কৰা হয়। এই উদ্দেশ্যে পুৱা প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী সত্যেন গগৈয়ে পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। তাৰপাছতে অনুষ্ঠিত অনুষ্ঠানত প্ৰতিষ্ঠানখনৰ ২১ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি প্ৰতিষ্ঠা কালৰ পৰা জড়িত ২১ গৰাকী লোকক সম্বৰ্ধনা জনায়।

ৰুবুল মাইবেলাই আঁত ধৰা অনুষ্ঠানত সঞ্চালক অঞ্জনপ্ৰতীম গগৈয়ে প্ৰতিষ্ঠানখনৰ বিগত ২১ বছৰৰ ইতিহাস সুঁৱৰি উপস্থিতসকলক আদৰণি জনায়। প্ৰতিষ্ঠানখনৰ সম্পৰ্কত অনুভৱ ব্যক্ত কৰে ডক্টৰ স্মৃতিৰেখা বৰুৱা, ত্ৰিলোক বৰা, বিপুল হাজৰিকা, কণ্ঠিৰাম দাস, কুসুম শইকীয়া, বিমান শইকীয়া, বসন্ত শইকীয়া, ৰমেন শইকীয়া, ৰঞ্জিতা শৰ্মা আৰু কৰুণাকান্ত শৰ্মাই। নেইমচৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে উপস্থিত থকাসকলক উপহাৰ প্ৰদান কৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: