অসম

নেটত ৯৯ শতাংশ লাভ মৰিগাঁও হিমাশ্ৰী বৰাৰ

সংবাদদাতা, মৰিগাঁও:- শনিবাৰে ঘোষিত ৰাষ্ট্ৰীয় যোগ্যতা নিৰুপণ পৰীক্ষা, চমুকৈ নেটত ৯৯.৪৬ শতাংশ নম্বৰেৰে উত্তীৰ্ণ হৈ মৰিগাঁৱৰ হিমাশ্ৰী বৰাই মৰিগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিছে। ভূগোল বিষয়ত জুনিয়ৰ ৰিচাৰ্ছ ফেল’শ্বিপ আৰু সহকাৰী অধ্যাপকৰ যোগ্যতা অৰ্জন কৰা মৰিগাঁৱৰ হিমাশ্ৰী বৰাই ২০১৫ চনত কটন কলেজৰ পৰা উচ্চতৰ মাধ্যমিকৰ কলা শাখাত অসমৰ ভিতৰতে ষষ্ঠ স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছিল। মৰিগাঁও জিলাৰ বিশিষ্ট ব্যবসায়ী, অভিযন্ত্ৰা তথা সমাজ সেৱক নিপুণ বৰা আৰু ৰেণুকা বৰাৰ কন্যা হিমাশ্ৰী বৰাৰ এই কৃতিত্বই জিলাখনলৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে আনন্দৰ জোৱাৰ উঠে। হিমাশ্ৰী বৰা সাহিত্য আৰু সংগীতৰ লগতে বিহু নৃত্য ক্ষেত্ৰতো বিশেষ সুনাম আছে। ভবিষ্যতে এখন আই.আই.টি.ত পি এইচ ডি কৰি অধ্যাপিকা হোৱাৰ এক সপোন আছে মৰিগাঁও হিমাশ্ৰী বৰাৰ।

Show More

Leave a Reply

Your email address will not be published.

Back to top button