নেহৰু যুৱ কেন্দ্রৰ প্ৰতিষ্ঠা দিৱস পালন
সংবাদদাতা, পশ্চিম যোৰহাট:- ভাৰত চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰণালয়ৰ অধীনস্থ, স্বতন্ত্ৰ সংগঠন নেহৰু যুৱ কেন্দ্ৰৰ ১৯৭২ চনৰ ১৪ নৱেম্বৰত প্ৰতিষ্ঠা হৈছিল। দেশৰ বিভিন্ন স্থানত থকা নেহৰু যুৱ কেন্দ্ৰ সংগঠনে প্ৰতি বছৰে পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিনৰ লগত সংগতি ৰাখি চৰকাৰে প্ৰতিষ্ঠা কৰা সংগঠনটোৰ প্ৰতিষ্ঠা দিৱস পালন কৰি আহিছে। এই বছৰো প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। যোৰহাটত পৰিচালিত হৈ থকা সংগঠনটোৰ মালৌআলিস্থিত সংগঠনটোৰ কাৰ্যালয়ত পালন কৰা প্ৰতিষ্ঠা দিৱসৰ দিনা পণ্ডিত জৱাহৰলাল নেহৰুৰ প্ৰতিচ্ছবি প্ৰতিষ্ঠা কৰি ধূপ-দীপ প্ৰজ্বলনৰ পাছতে পুষ্পাঞ্জলি অৰ্পণ কৰা হয়। তাৰপিছতে ৰাষ্ট্ৰীয় স্বেচ্ছাসেৱক আৰু শুভাকাংক্ষীসকলৰ উপস্থিতিত সভাত নেহৰু যুৱ কেন্দ্ৰ সংগঠনৰ লক্ষ্য, উদ্দেশ্য জড়িতসকলৰ লগতে নিযুক্তি প্ৰাপ্ত ৰাষ্ট্ৰীয় স্বেচ্ছাসেৱকসকল আৰু ৰাইজৰ কৰণীয় সম্পৰ্কত ৰমেন শইকীয়াই বক্তব্য আগবঢ়ায়।
কাৰ্যালয়টোৰ গাণনিক মাধুৰ্য্য শৰ্মাই কাৰ্যালয়টোৰ জৰিয়তে ৰাষ্ট্ৰীয় স্বেচ্ছাসেৱকসকলৰ সহযোগত জিলাখনৰ এলেকাভুক্ত উন্নয়ন খণ্ডৰ গাঁওসমূহত ৰাইজৰ দ্বাৰা প্ৰতিষ্ঠিত-পৰিচালিত অনুষ্ঠান আৰু এন জি অ’সমূহৰ জৰিয়তে ভাৰত চৰকাৰে একোটা কাৰ্যকালত গ্ৰহণ কৰা আঁচনিসমূহৰ প্ৰচাৰ-প্ৰসাৰ কৰাৰ লগতে ২৯ বছৰৰ ভিতৰৰ যুৱক-যুৱতীসকলক দক্ষ কৰি তোলাৰ উদ্দেশ্যে প্ৰশিক্ষিত কৰি তোলাৰ উপৰি স্থানীয় সাংস্কৃতিক কাৰ্যক্ৰম ৰূপায়ণ কৰা হয় বুলি উল্লেখ কৰে। তদুপৰি এই বয়সৰ যুৱক-যুৱতীসকলক অন্য ৰাজ্যলৈ নি সেই ৰাজ্যৰ যুৱক-যুৱতীসকলৰ সৈতে মত বিনিময় কৰিবলৈ সুবিধা কৰি দিয়া হয় বুলি কয়।