অসম

নেহৰু যুৱ কেন্দ্ৰ উত্তৰ লখিমপুৰ উদ্যোগত ঢকুৱাখনাৰ বাটচৰামুখত চাফাই কাৰ্যসূচী

সংবাদাতা, ঢকুৱাখনা:- আজি নেহৰু যুৱ কেন্দ্ৰ উত্তৰ লখিমপুৰৰ উদ্যোগত ঢকুৱাখনাৰ বাটচৰা মুখ গাঁৱৰ ৰাজহুৱা স্থানত স্বচ্ছ ভাৰত অভিযান কাৰ্যসূচী সফলতাৰে সম্পন্ন হয়। চাফাই কাৰ্যসূচী গ্ৰহণ কৰা অঞ্চলটোত প্লাষ্টিক, পলিথিন বৰ্জন চাফ-চিকুন কৰি ৰখাৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি জনসাধাৰণক সচেতন কৰি তোলাটোৱেই হৈছে ইয়াৰ মূল উদ্দেশ্য। এই কাৰ্যসূচীত স্বেচ্ছাসেৱক সদস্য উজ্জ্বল দাসৰ লগতে ৰাজীৱ দাস, বিজয় দাসৰ উপৰিও বহুকেইজন ব্যক্তি উপস্থিত থাকে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: