অসম

নেহৰু যুৱ কেন্দ্ৰ, যোৰহাটৰ উদ্যোগত যুৱ সংঘ উন্নয়ন তিনিদিনীয়া কাৰ্যসূচী সম্পন্ন

সংবাদদাতা, পশ্চিম যোৰহাট:- নেহৰু যুৱ কেন্দ্ৰ সংগঠন যোৰহাট কাৰ্যালয়ৰ উদ্যোগত যোৰহাট উন্নয়ন খণ্ড এলেকাত যুৱ সংঘ উন্নয়নৰ কাৰ্যসূচী তিনিদিনীয়াকৈ অনুষ্ঠিত হয়। প্ৰথম দুদিন যোৰহাট (বাঘচোং) উন্নয়ন খণ্ড এলেকাত ৰাইজে প্ৰতিষ্ঠা আৰু পৰিচালনা কৰি থকা যুৱ সংঘবোৰ পৰিদৰ্শন কৰাৰ লগতে যুৱ সংঘসমূহে গ্ৰাম্যাঞ্চলত ৰূপায়ণ কৰি থকা কাম-কাজৰ বুজ লয়। এই সম্পৰ্কত যুৱকসকলে যুৱ সংঘসমূহ পৰিচালনা কৰি থকা কৰ্মী সকলৰ সৈতে মত বিনিময় কৰে। তদুপৰি যুৱকসকলে যুৱ সংঘসমূহৰ জৰিয়তে সুবিধা লাভ কৰি থকা ব্যক্তিসকলৰ সৈতেও কথোপকথন কৰে। ২২ আগষ্টত পশ্চিম যোৰহাট সাংবাদিক সংস্থাৰ কাৰ্যালয় সংবাদ ভৱনত বেচৰকাৰী সংগঠন সৃষ্টিৰ উদ্যোগত নেহৰু যুৱ কেন্দ্ৰ সংগঠন, যোৰহাট কাৰ্যালয়ে যোৰহাট বাঘচোং উন্নয়ন খণ্ড এলেকাত তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা যুৱ সংঘ উন্নয়ন কাৰ্যসূচীৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰে। সৃষ্টিৰ সভাপতি ৰমেন শইকীয়াৰ পৰিচালনাত অনুষ্ঠিত সভাখনত আদৰণি ভাষণত নেহৰু যুৱ কেন্দ্ৰ সংগঠনৰ প্ৰতিষ্ঠা দেশত, ৰাজ্যত, যোৰহাট জিলাত নেহৰু যুৱ কেন্দ্ৰ সংগঠনে বৰ্তমানলৈকে ৰূপায়ণ কৰি থকা কাৰ্যসমূহৰ ব্যাখ্যা কৰাৰ লগতে দুহেজাৰ চনৰ পহিলা জানুৱাৰীত প্ৰতিষ্ঠা কৰা বেচৰকাৰী সংগঠন সৃষ্টিৰ উদ্যোগত গ্ৰাম্যাঞ্চলৰ ৰাইজ উপকৃত হোৱাকৈ কৰা কৰ্মৰ খতিয়ান উল্লেখ কৰে। পশ্চিম যোৰহাট অঞ্চলত ৰাইজে প্ৰতিষ্ঠা আৰু পৰিচালনা কৰি থকা অনুষ্ঠানৰ সৈতে দীৰ্ঘদিন জড়িত হৈ সফলতা অৰ্জন কৰা বাপুজী নগৰৰ দণ্ডধৰ হাজৰিকা, চিৰতীয়া গাঁৱৰ অৰুণ শৰ্মা, হেমচন্দ্ৰ শইকীয়া, মৃদুস্মিতা বৰা, পুলিবৰৰ দিলীপ কুমাৰ পূজাৰী, খঙীয়াৰ মাণিক বৰা, ঢেকেলীয়াৰ প্ৰদীপ শৰ্মা ভৰালী, মালৌখাতৰ বসন্ত গগৈ, চাৰিঙীয়াৰ ঈশ্বৰ চন্দ্ৰ বৰা, মিলনপুৰৰ দেৱজিৎ পাত্ৰ, সৰুচৰাইৰ পূৰ্ণিমা বৰঠাকুৰ, ৰিতা ভট্টাচাৰ্য, ববী বৰপাত্ৰগোঁহাই, ভাতেমৰাৰ প্ৰতাপ চন্দ্ৰ শৰ্মা প্ৰমুখ্যে উপস্থিতসকলে জড়িত থকা অনুষ্ঠানসমূহৰ কাৰ্যসূচী ৰূপায়ণ কৰোঁতে লাভ কৰা অভিজ্ঞতা আৰু সফলতা অৰ্জনৰ ব্যাখ্যা কৰি সকলোকে উৎসাহিত কৰে। যোৰহাট আৰু মাজুলী জিলাৰ গ্ৰাম্যাঞ্চলসমূহত ৰাইজে প্ৰতিষ্ঠা আৰু পৰিচালনা কৰি থকা অনুষ্ঠানসমূহ নেহৰু যুৱ কেন্দ্ৰ সংগঠন, যোৰহাটৰ কাৰ্যালয়ত পঞ্জীয়নভুক্ত কৰোৱাৰ লগতে অনুষ্ঠানসমূহত বৰ্ষটোত ৰূপায়ণ কৰা প্ৰতিটো কাৰ্যসূচীৰ প্ৰতিবেদন আলোকচিত্ৰসহ প্ৰেৰণৰ লগতে নিয়মীয়াকৈ সভা-সমিতি গঠনেৰে স্বচ্ছতা বৰ্তাই ৰাখিবলৈ, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে গ্ৰাম্যাঞ্চলৰ বাসিন্দাসকলৰ উন্নয়নৰ বাবে প্ৰতিটো আঁচনিকে সহযোগিতাৰে সফল ৰূপায়ণত গুৰুত্ব আৰোপ কৰিবলৈ সকলোৰে প্ৰতি ৰমেন শইকীয়াই আহ্বান জনায়।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: