অসম

নৱবৰ্ষৰ পহিলা দিনটোতো দৰঙৰ ধূলা আৰক্ষীৰ তালাচী অব্যাহত

সংবাদদাতা, ধূলা:- নৱবৰ্ষৰ আনন্দত মতলীয়া হৈ একাংশ লোকে যান বাহন আইন অমান্য কৰি থকা পৰিলক্ষিত হয়। যাৰ বাবে বিগত সময়বোৰত নৱবর্ষৰ প্ৰাক মুহূৰ্তত বিভিন্ন ধৰণৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। সেয়ে এনেধৰণৰ দুৰ্ঘটনা নোহোৱাৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষী লৈ কিছুবোৰ কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে। মুখ্যমন্ত্ৰী গৰাকীৰ নিৰ্দেশ মৰ্মে অসমৰ বিভিন্ন থানাৰ লগতে ধূলা আৰক্ষীয়েও সষ্ঠম হৈ পৰিছে যান বাহন চালকৰ বিৰুদ্ধে। বিগত কেইবাদীন ধৰি ধূলা আৰক্ষীয়ে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত নাকা লগাই অভিযান অব্যাহত ৰাখিছে। বিশেষকৈ বাইক আৰু চাৰিচকীয়া বাহনত তালাচী চলোৱা দেখা পোৱা যায়। হেলমেট আৰু চিটবেল্ট পৰিধান নকৰা সকলৰ পৰা fine কটা পৰিলক্ষিত হয়। দিনে-ৰাতিয়ে উক্ত স্থানত ধূলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰাৰ লগতে উপ পৰিদৰ্শক নিৰঞ্জন দাস আৰু প্ৰণৱ জ্যোতি বৈশ্য তথা গৃহৰক্ষী যোৱান সকলৰ সহযোগত অভিযান চলাই। পৰিয়াল তথা নিজৰ জীৱনৰ প্ৰতি লক্ষ্য ৰাখি যান-বাহন আইন মানি চলিবলৈ পথ আৰোহী সকলক আহ্বান জনায় ধূলা আৰক্ষী থানাৰ উপ পৰিদৰ্শক নিৰঞ্জন দাসে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: