অসম

নৱবৰ্ষৰ প্ৰথম দিনটোতেই তামুলপুৰত দিব্যাংগ লোকক সম্বৰ্ধনা বিটিআৰৰ প্ৰধান প্ৰমোদ বড়োৰ

অনুষ্ঠানৰ প্ৰাকমুহূৰ্তত বিটিআৰৰৰ চাৰিওখন জিলাৰ বাবে এম্বুলেন্স সেৱা মুকলি কাৰ্যবাহী সদস্য গৌতম দাসৰ

সংবাদদাতা, তামুলপুৰ:- নৱবৰ্ষৰ প্ৰথম দিনটোতেই দিব্যাংগ সকলৰ সৈতে মত বিনিময় বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ। যি সময়ত একাংশই আজিৰ দিনটো নাচ-গানত মচগুল হৈ পৰিয়ালৰ সৈতে দিনটো উপভোগ কৰিছে তেনে সময়তে দিব্যাংগ লোকসকলৰ কথা ভাবি তেওঁলোকৰ সৈতে বিশেষ মত-বিনিময় অনুষ্ঠানৰ দ্বাৰা এক অন্তৰংগ মুহূৰ্ত গঢ়ি তুলিছে বিটিআৰৰ প্ৰধান প্ৰমোদ বড়োই। তামুলপুৰৰ বিধায়ক জলেন দৈমাৰী আতঁধৰা অনুষ্ঠানটোত তামুলপুৰ মহকুমাৰ দুশতকৈও অধিক শাৰিৰীক ভাৱে সক্ষম (দিব্যাংগ) লোক উপস্থিত থাকে। দিব্যাংগ লোকসকলৰ মনোবল বৃদ্ধি কৰাৰ বাবে আজি প্ৰমোদ বড়োৰ বাসভৱন প্ৰাঙ্গণত আয়োজন কৰে এই বিশেষ অনুষ্ঠানৰ। প্ৰতিজন দিব্যাংগ লোকক ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই বিটিআৰৰ প্ৰধান প্ৰমোদ বড়োৰ লগতে সমাজ কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য গৌতম দাসে। আজিৰ এই অনুষ্ঠানত বিটিআৰ প্ৰধান গৰাকীয়ে কয় যে- আমি সকলো মানুহ কিন্তু মানুহ হিচাপে এওঁলোকৰ সুখ-দুখৰ খবৰ ল’বলৈ আমাৰ আহৰি নাই তেনেক্ষেত্ৰত আমাৰ সমাজখন কেতিয়াও সম্পূৰ্ণৰূপত আগবঢ়াই লৈ যোৱাটো সম্ভৱ নহ’ব। সমাজখন আগবঢ়াই লৈ যাবলৈ হ’লে সমাজৰ জাতি, বৰ্ণ, ধৰ্ম, ভাষা নিৰ্বিশেষে সকলোকে আগবঢ়াই লৈ যাব লাগিব লগতে বিশেষকৈ শাৰীৰিকভাৱে সক্ষম লোক সকলেও সমাজত যাতে সন্মান সহকাৰে জীয়াই থাকিব পাৰে তাৰে ব্যৱস্থা কৰিব লাগিব। এইক্ষেত্ৰত বিটিআৰ চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিব। বিটিআৰত শীঘ্ৰেই গঢ়ি তোলা হ’ব বিশেষ ভাৱে সক্ষম লোক সকলৰ বাবে শৈক্ষিক অনুষ্ঠান। য’ত দিবাংগ সকলৰ বিভিন্ন সমস্যা তথা বিষয়ৰ ওপৰত নজৰ দিয়াৰ উপৰিও বিটিআৰ চৰকাৰে প্ৰতি বছৰে এক কোটি টকা আগবঢ়াব এই সকল লোকৰ বাবে। লগতে তেওঁলোকৰ বাবে সংৰক্ষিত চাৰিহাজাৰ চৰকাৰী চাকৰিত শীঘ্ৰেই নিযুক্তিৰ ব্যৱস্থা কৰা হব বুলিও উল্লেখ কৰে বিটিআৰ প্ৰধান গৰাকীয়ে। অনুষ্ঠানৰ প্ৰাক মুহূৰ্তত বিটিআৰৰ চাৰিওখন জিলাৰ বাবে জুৰুৰীকালীন এম্বুলেন্স সেৱা মুকলি কৰে বিটিআৰৰ কাৰ্যবাহী সদস্য গৌতম দাসে। প্ৰমোদ বড়ো আৰু গৌতম দাসে ফ্লেগ অফ কৰি শুভ আৰম্ভণি কৰে এম্বুলেন্স সেৱাৰ। এম্বুলেন্স সেৱা মুকলি কৰি বিটিআৰৰ কাৰ্যবাহী সদস্য গৌতম দাসে সাংবাদিকৰ আগত কয় যে- বিভিন্ন সময়ত দেখিবলৈ পোৱা যায় যে সঠিক সময়ত নাইবা জৰুৰীকালীন ভাৱে এম্বুলেন্স সেৱা পাবলৈ বহুতে সক্ষম নহয় তেনে ক্ষেত্ৰত বিটিআৰ চৰকাৰে বিটিআৰৰ চাৰিওখন জিলাত জৰুৰীকালীন এম্বুলেন্স সেৱা মুকলি কৰিছে এই সেৱাৰ যোগেদি জনসাধাৰণ উপকৃত হোৱাৰ লগতে পঞ্চাছ শতাংশ ভাড়াত এই সেৱাৰ জনহিতাৰ্থে উপলব্ধ হব বুলি উল্লেখ কৰি তেওঁ পুনৰ কয় যে বিটিআৰৰ চৰকাৰখনে ৰাইজৰ উন্নয়নৰ ক্ষেত্ৰত যথেষ্ট ইতিবাচক ভূমিকা গ্ৰহণ কৰি আহিছে তথা আগন্তুক দিনত বিটিআৰ বাসীৰ সকলো সমস্যা মষিমূৰৰ চেষ্টা অব্যাহত ৰাখিছে বৰ্তমানৰ বিটিআৰ চৰকাৰখনে। আজিৰ এই অনুষ্ঠানত বিটিআৰৰ সমাজ কল্যাণ বিভাগৰ জুতিয়া সঞ্চালক মণিদীপা শইকীয়া, বিটিআৰৰ চৰকাৰী মনোনীত এমচিএলএ হেমন্ত কুমাৰ ৰাভা, প্ৰদীপ বায়নকে আদি কৰি বহুতো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: