অসম

নৱবৰ্ষৰ প্ৰাক্‌ক্ষণত গোলাঘাট-মেৰাপানী সংযোগী পথত যান বাহন-বাইক আৰোহীৰ দৌৰাত্ম্য

সংবাদদাতা, মেৰাপানী:- আগন্তুক ইংৰাজী নৱবৰ্ষ আৰু মাঘ বিহুৰ প্ৰাক্‌ক্ষণত গোলাঘাট-মেৰাপানী সংযোগী অতি সুচল আৰু ব্যস্ত ৰাজপথটোত একাংশ যান বাহন আৰু উদণ্ড বাইক আৰোহীৰ দৌৰাত্মই সচেতন ৰাইজক চিন্তিত কৰি তুলিছে। জিলা প্ৰশাসনে আজিৰে পৰা বান্ধি দিয়া নিৰ্দেশ অনুসৰি হেলমেট পৰিধান নকৰা আৰু মদ্যপান কৰি যান বাহন চলোৱা সকলৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব। কিন্তু গোলাঘাট-মেৰাপানী সংযোগী পথত ইয়াৰ বিপৰীত ছবিহে দেখা গৈছে। বৰ্তমান আগন্তুক ইংৰাজী নৱবৰ্ষ আৰু মাঘ বিহুৰ আছিলাত মতলীয়া হৈ একাংশ উদণ্ড যান-বাহন আৰু বাইক আৰোহীয়ে পথটোত তীব্ৰ বেগত গাড়ী চলোৱাত পথাচাৰিৰ জীৱনলৈ ভাবুকি আহিছে। এই সকলৰ দৌৰাত্মত পথটোৱে যাতায়ত কৰা আন ৰাইজে ত্ৰাহি মধুসূদন সুঁৱৰিব লগা হৈছে। পথটোৱেদি যাতায়ত কৰা ৰাইজে আনকি পাছফালেও নিৰীক্ষণ কৰিহে সন্তৰ্পণে যাতায়ত কৰিব লাগে। পথটোত বিভিন্ন সময়ত অনেক সৰু-বৰ দুৰ্ঘটনাত অকালতে বহু লোকৰ প্ৰাণ হানি হোৱাৰ উপৰিও বহুজন চিৰ দিনলৈ ঘূণীয়া হ’ব লগা হৈছে। পথটোৰ বিভিন্ন স্থানত গতি ৰোধকৰ লগতে মেৰাপানী, ঘিলাধাৰী আৰু ফৰকাটিং তিনিখন আৰক্ষী থানা থকাৰ পাছতো এই উদণ্ড চালক সকলৰ অতপালিয়ে সীমা চেৰাই যোৱাত সচেতন ৰাইজে তীব্ৰ প্ৰতি ক্ৰিয়া প্ৰকাশ কৰিছে। সচেতন ৰাইজে পথটোত আৰক্ষীৰ নিয়ম মাফিক তহল আৰু তালাচী তীব্ৰতৰ কৰি এই সকল উদণ্ড চালকক নাকি লগাবলৈ দাবী জনাইছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: