অসম

নৱম শ্ৰেণীত ফেইল কৰি সংসাৰ আৰম্ভ কৰা ছাত্ৰই মেট্ৰিকত পালে প্ৰথম বিভাগ

শেহতীয়াকৈ ঘোষণা কৰা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। পৰীক্ষাবিহীন ফলাফলৰ বিসংগতি যেন এতিয়াও ওৰ পৰা নাই। এইবাৰ ধৰা পৰিছে আন এক চাঞ্চল্যকৰ বিসংগতি। নৱম শ্ৰেণীত ফেইল কৰিও এজন ছাত্ৰই মেট্ৰিকত পালে প্ৰথম বিভাগ। এই ঘটনা সংঘটিত হৈছে ধুবুৰী জিলাৰ জৰুৱাৰ চৰ পাব্লিক হাইস্কুলত।

তথ্য অনুসৰি ঝৰনাৰ চৰগাঁৱৰ অৰ্থাৎ জৰুৱাৰ চৰ পাব্লিক হাইস্কুলৰ নৱম শ্ৰেণীত ইমদাদুল হকে ফেইল কৰিও মেট্ৰিকত পালে প্ৰথম বিভাগ আৰু ডিষ্টিংশ্যন। এই ঘটনা সংঘটিত হোৱাৰ পিছত গোটেই অঞ্চলজুৰি এক চাঞ্চল্যৰ সৃষ্টি কৰিছে। আকস্মিকভাৱে শিক্ষা বিভাগৰ এনে ফলাফল দেখি হতভম্ব হৈ পৰিছে অঞ্চলবাসী।

স্থানীয় ৰাইজে জনোৱা অনুসৰি ইমদাদুল হকে নৱম শ্ৰেণীত পঢ়া শুনা বাদ দি বিয়া পাতি গুৱাহাটীত দিন হাজিৰা কৰি আছিল। এনে ছাত্ৰক শিক্ষকসকলে প্ৰথম বিভাগত উত্তীৰ্ণ কৰোৱাই দিয়া ঘটনাই সচেতন মহলক হতভম্ব কৰি তুলিছে। এই ক্ষেত্ৰত ৰাইজে শিক্ষা বিভাগ আৰু চৰকাৰৰ ওচৰত উচিত তদন্তৰ দাবী জনাইছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: