অসম

পকামূৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বৰ্ষজোৰাকৈ সোণালী জয়ন্তী

সংবাদদাতা, পশ্চিম যোৰহাট:- যোৰহাটৰ খঙীয়া মৌজাৰ পকামূৰা চাৰিআলিত ১৯৬৯ চনত প্ৰতিষ্ঠা হোৱা আনন্দ বৰঠাকুৰ মধ্য ইংৰাজী বিদ্যালয়ৰ লগতে ১৯৭২ চনৰ ৩ জানুৱাৰীত পকামূৰা হাইস্কুল প্ৰতিষ্ঠা কৰি পৰিচালনা কৰি থকা হৈছিল। দুয়োখন বিদ্যালয় চৰকাৰী নিৰ্দেশত ২০১৭ চনত একত্ৰিতকৰণ কৰাৰ পাছত ২০২১ বৰ্ষৰ ৭ অক্টোবৰত পকামূৰা হাইস্কুলখন উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ চৰকাৰৰ শিক্ষা বিভাগে উন্নীতকৰণ কৰে। সেই বিদ্যালয়খনৰে সোণালী জয়ন্তী উৎসৱ বৰ্ষ জোৰাকৈ পালনৰ বাবে প্ৰাক্তন বিধায়ক, পকামূৰাৰ বাসিন্দা হেমন্ত কলিতাক সভাপতি, প্ৰণৱ হাজৰিকাক কাৰ্যকৰী সভাপতি, বিদ্যালয়খনৰ অধ্যক্ষ জয়ন্ত হাজৰিকাক সাধাৰণ সম্পাদক, অমল শইকীয়া, নয়নমণি কলিতাক সহকাৰী সম্পাদক ৰূপে লৈ ৯খন উপ-সমিতিৰে ১৫০ জনীয়াকৈ উদযাপন সমিতিখন গঠন কৰা হয়। ২০২২ বৰ্ষৰ ৩, ৪ জানুৱাৰীত সোণালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি উদ্দেশ্যে বিদ্যালয়খনত হেমন্ত কলিতাৰ সভাপতিত্বত এখন সভা ২৪ নৱেম্বৰত অনুষ্ঠিত হয়। জয়ন্ত হাজৰিকা, নয়নমণি কলিতাই আঁত ধৰা সভাত ৩ জানুৱাৰীত পতাকা উত্তোলন, স্মৃতি তৰ্পণৰ পাছতে প্ৰতিষ্ঠা কালৰ ৫০ গৰাকী ব্যক্তিৰ সোঁৱৰণত নিৰ্দিষ্ট এটা পথৰ কাষত ৫০টা গছপুুলি ৰোপণ কৰিবলৈ সিদ্ধান্ত কৰে। সোণালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি স্মাৰক প্ৰকল্পৰ শুভাৰম্ভৰ পাছতে প্ৰাক্তন, বৰ্তমানৰ শিক্ষাৰ্থীৰ সমাৰোহ, এলেকাটোৰ শিক্ষাৰ্থীসকলৰ অংশগ্ৰহণেৰে বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত কৰে। ৪ জানুৱাৰীত বিদ্যালয়ৰ মুখপত্ৰ, প্ৰাচীৰ প্ৰতিকা উন্মোচনৰ পাছতে হ’বলগীয়া মুকলি সভালৈ স্থানীয় সাংসদ, বিধায়ক, উপায়ুক্ত, শিক্ষা বিভাগৰ বিষয়াৰ লগতে ৰাজ্যৰ শিক্ষা মন্ত্ৰীক নিমন্ত্ৰণ কৰিবলৈ সিদ্ধান্ত কৰে। নিশালৈ অনুষ্ঠিত হ’ব সাংস্কৃতিক অনুষ্ঠান। সভাৰ আৰম্ভণিতে লাচিত বৰফুকনৰ প্ৰতিচ্ছবি প্ৰতিষ্ঠা কৰি সন্মুখত নগেন বৰাই ধূপ-দীপ প্ৰজ্বলন কৰাৰ পাছতে উপস্থিতসকলে পুষ্পাঞ্জলি অৰ্পণ কৰে। যোৰহাট জিলা পৰিষদৰ খঙীয়াৰ সদস্য প্ৰশান্ত বৰা, স্থানীয় গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰূপৰেখা শইকীয়া প্ৰমুখ্যে বিভিন্নগৰাকীয়ে পৰামৰ্শমূলক বক্তব্য আগবঢ়োৱাৰ উপৰি সোণালী জয়ন্তী উদযাপনত ব্যয় কৰিবলৈ নগদ ধন আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে। বৰ্ষজোৰা সোণালী জয়ন্তীত অঞ্চলৱৰ্তী ৰাইজৰ সহায়-সহযোগিতা উদ্যোক্তাসকলে কামনা কৰিছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: