অসম

পঞ্চায়তত মানি লোৱা নহ’ব দুৰ্নীতি : মন্ত্ৰী ৰঞ্জিৎ দাস

বৰপেটাৰ পৰা প্ৰদীপ কুমাৰ সৰকাৰ আৰু ইব্ৰাহিম খলিল: ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰীৰ ঘোষণা— পঞ্চায়তত দুৰ্নীতি মানি লোৱা নহব। পূৰ্বতে বিভাগটো কেনেকৈ চলিছিল সেইটো নাচাও, মই মন্ত্ৰী হোৱাৰ পিচত বিভাগটোত নচলিব দুৰ্নীতি। আনকি বিভাগটোৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ স্পষ্ট ঘোষণা— আমাক একো দিবলগীয়াও নাই, গতিকে ল’বলগীয়া প্ৰক্ৰিয়াটোও বন্ধ হব লাগে। সেয়ে বিভাগটোৰ বিষয়া, অভিযন্তা, বিডিও, সচিব সকলৰ লগতে পঞ্চায়তৰ জনপ্ৰতিনিধিসকলকো দুৰ্নীতিৰ পৰা আঁতৰি থাকিবলৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৰাজহুৱাকৈ দিলে সকিয়নি। আনকি কংগ্ৰেছ, বিজেপি, এজিপি বা ইউডিএফ যি দলৰেই প্ৰতিনিধি নহওক কিয় আঁচনিৰ কাম কাজত যদি অনিয়ম হয় আৰুলগাৱৰ ৰাইজৰ ধন আত্মসাৎ কৰে

তেনে অনিয়মৰ ক্ষেত্ৰত বিষয়াসকলৰ দৰেই একেই ব্যৱস্থা গ্ৰহণ কৰা হ’ব জনপ্ৰতিনিধিসকলৰ বিৰুদ্ধেও সকিয়নি। আজি বৰপেটা জিলাৰ সৰভোগৰ চকচকা উন্নয়ন খণ্ডটো পৰিদৰ্শন কৰি মন্ত্ৰী গৰাকীয়ে ৰাজহুৱাভাৱে কৰে এই মন্তব্য। সৰভোগৰ চকচকা উন্নয়ন খণ্ডটোৰ আন্তগাঁঠনি উন্নয়নৰ বাবে পৃথকে পৃথকে দুই কোটি টকাৰ দুখনকৈ আঁচনি গ্ৰহণৰ কথাও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। উল্লেখ্য যে, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ দায়িত্ব লাভ কৰাৰ পিচতেই ৰাজ্যৰ প্ৰতিটো উন্নয়ন খণ্ড পৰিদৰ্শন কৰি উন্নয়ন খণ্ড সমূহৰ সমস্যা সমাধান আৰু আন্তঃ গাঁঠনিৰ উন্নয়নৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা বুলি মন্তব্য কৰে। মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজিৰেপৰা উন্নয়ন খণ্ডসমূহ পৰিদৰ্শনৰ কাম আৰম্ভ কৰিছে। উল্লেখ্য যে, মন্ত্ৰী পদৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছত পোন প্ৰথমবাৰৰ বাবে আজি দিনযোৰা চৰকাৰী কাৰ্যসূচীৰে সৰভোগ সমষ্টিত উপস্থিত থাকে মন্ত্ৰী দাসে।

যিহেতু পূৰ্বতে এই সৰভোগ সমষ্টিৰে বিধায়ক আছিল, সেয়েহে সমষ্টিটোৰ প্ৰতি তেওঁ কিছু দায়িত্ব আৰু কৰ্তব্য আছে। আনকি এই সমষ্টিৰ ৰাইজকো চোৱাচিতা কৰাৰ কাৰণেও দায়িত্ব আছে। সেয়ে আজি দিনযোৰা চৰকাৰী কাৰ্যসূচীৰে সৰভোগ সমষ্টিত উপস্থিত থাকি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰে বুলি তেওঁ মত ব্যক্ত কৰে। মন্ত্ৰী দাসে আজি ৰূপায়ণ কৰা কাৰ্যসূচী সমূহ হৈছে ক্ৰমে চকচকা ব্লক চৌহদত গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। চুলিয়াকাটা গাঁও পঞ্চায়তৰ নতুন কাৰ্যালয় ভৱনৰ আধাৰশিলা স্থাপন কৰে। সৰভোগ সমষ্টিৰ ৩ নং ৱাৰ্ডৰ ডালিমী দাসে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰা গৃহত আনুষ্ঠানিক প্ৰৱেশৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে। সৰভোগ সমষ্টিৰ ২ নং ৱাৰ্ডৰ মাখন দাসে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰা গৃহৰ শিলান্যাস কৰে।

বৰপেটা ৰোডৰ ২ নং ৱাৰ্ডৰ ৰেখা ঘোষে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰা গৃহত আনুষ্ঠানিক প্ৰৱেশৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে। বৰপেটা ৰোডৰ ৱাৰ্ড নং ৪ ৱাৰ্ডৰ আশুতোষ সাহাই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰা গৃহৰ শিলান্যাস কৰে। কাটাঝাৰ নিবাসী সদ্য প্ৰয়াত শিৱ মহাজনৰ বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়াবৰ্গক সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰে। গোৱৰ্ধনা নামঘৰত উপস্থিত হৈ বেকী নদীয়ে খহাই নিয়া অংশটি পৰিদৰ্শন কৰি বিপদসংকুল পৰিৱেশৰ বুজ লয়। তদুলৰি এই খহনীয়া ক্ষিপ্ৰতাৰে ৰোধ কৰি স্থানীয় ৰাইজক সুৰক্ষা প্ৰদান কৰিবৰ বাবে প্ৰশাসনক নিৰ্দেশ দিয়ে। বৰপেটাৰোড দুৰ্গাবাৰী কালিবাৰী মন্দিৰৰ নিৰ্মীয়মান হৈ থকা দুৰ্গামন্দিৰ পৰিদৰ্শন কৰি কামৰ অগ্ৰগতিৰ বুজ লয়।

গোৱৰ্ধনা মণ্ডল সভাপতিৰ ৯৫ বছৰ বয়সীয়া মাতৃকো এবাৰ সাক্ষাৎ কৰি তেখেতৰ আশু আৰোগ্য কামনা কৰে। আনহাতে ইয়াৰ পূৰ্ৱে আজি হাউলীৰ শংকৰদেৱ শিশু নিকেতনত বৰপেটা জিলা ভিত্তিত স্বাস্থ্য স্বয়ংসেৱক অভিযানৰ প্ৰশিক্ষণ বৰ্গ অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা বৰপেটা জিলাৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, অসম বিত্তীয় নিগমৰ উপাধ্যক্ষ অনিল দাস, ৰাজ্যিক আমন্ত্ৰিত সদস্যা তথা বৰপেটা জিলাৰ উপ-সভানেত্ৰী সবিতা দেৱনাথ, বৰপেটা জিলাৰ উপ-সভানেত্ৰী নিপা কলিতাৰ লগতে দলীয় কাৰ্যকৰ্তাসকল। সম্প্ৰতি ক’ভিডৰ তৃতীয় ঢৌৰ প্ৰত্যাহ্বানক প্ৰতিহিত কৰিবলৈ সেৱাই সংগঠন নীতিৰে ভাৰতীয় জনতা পাৰ্টি সাঁজু আৰু সংকল্পবদ্ধ হৈছে।

সেয়ে স্বাস্থ্য অভিযানৰ তৎপৰতাৰে ৰাজ্যিক বিজেপিৰ ৩৯খন সাংগঠনিক জিলা প্ৰতিনিধিক ক’ভিডৰ জটিল পৰিস্থিতিত ৰাইজক সজাগ আৰু সচেতন কৰি এনে প্ৰত্যাহ্বানে ভৰা সময়ত ৰাইজক সুৰক্ষিত কৰিবলৈ বিশেষ প্ৰশিক্ষণ প্ৰদান কৰাৰ বাবে ইতিমধ্যেই প্ৰক্ৰিয়া আৰম্ভ হৈছে। এই প্ৰক্ৰিয়াৰ সৈতে সংগতি ৰাখি আজি বৰপেটা জিলা বিজেপিৰ উদ্যােগত অনুষ্ঠিত হোৱা “স্বাস্থ্য স্বয়ংসেৱক অভিযান”ৰ বিশেষ কৰ্মশালাত উপস্থিত থাকি মোৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে এই মহান উদ্দেশ্যক সফল কৰিবলৈ আগবাঢ়ি অহা কাৰ্যকৰ্তা আৰু ব্যক্তি সকলক কৃতজ্ঞতা জ্ঞাপন কৰে মন্ত্ৰী ৰনজিৎ কুমাৰ দাসে। তেওঁ আৰু কয় যে, সকলোৰে একত্ৰ প্ৰচেষ্টা আৰু সেৱাই সংগঠন নীতিৰে আমি সকলো প্ৰত্যাহ্বানক প্ৰতিহিত কৰিব পাৰিম বুলি দৃঢ় বিশ্বাসী বুলি মতপোষণ কৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: