অসম

পটীয়া গাঁৱত আত্মসহায়ক গোটৰ কাৰ্যালয় মুকলি আৰু ৰাজহুৱা সভা

সংবাদদাতা, বাহনা:- আজি ৩৫ নং পটীয়া ফকলা গাঁও পঞ্চায়তৰ চৌহদত উত্তৰ পশ্চিম যোৰহাট উন্নয়ন খণ্ডৰ অধীনত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ “গাঁও সংগঠনৰ সম্বন্বয়“ সমিতিৰ এটা স্থায়ী কাৰ্যালয় মুকলি কৰা হয়। ৩৫ নং পটীয়া ফকলা গাঁও পঞ্চায়তৰ সভাপতি ৰাজু দত্তই ফিতা কাটি মুকলি কৰা কায্যালয়টোত ৮৫টা আত্মসহায়ক গোটৰ প্ৰায় ১০০০ গৰাকী মহিলা উপকৃত হ’ব বুলি মত পোষণ কৰে। লগতে সভাপতি ৰাজু দত্তই মহিলা সকলৰ চৰকাৰী কাম-কাজ পৰিচালনা আৰু উৎপাদনমূলক কামত ব্যৱহাৰ কৰিব পৰাকৈ গৃহতী পঞ্চায়তৰ তৰফৰ পৰা আগবঢ়োৱা হৈছে বুলিও জানিবলৈ দিয়ে। স্থানীয় সমাজহিতৌষী মহিলা ৰুণু কলিতাই বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা কাৰ্যসূচী পাছতে এখনি সজাগতামূলক সভা অনুষ্ঠিত হয়। পঞ্চায়তৰ সভাপতি ৰাজু দত্তৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত স্থানীয় গাঁও প্ৰধান অচিন্ত দত্ত আৰু জিতু শইকীয়াই ভাষণ প্ৰদান কৰে। সংযোগ সখী ঋতুপৰ্ণা ভূঞা বৰাই উদ্দেশ্য ব্যাখ্যা আগবঢ়োৱা সভাখনিত স্বচ্ছ ভাৰত অভিযানৰ ওপৰত বক্তব্য আগবঢ়াই সমাজকৰ্মী জগন্নাথ অগ্নি বৰাই। শ্ৰী বৰাই প্লাষ্টিকমুক্ত ভাৰত গঢ়া আৰু অনাময়মুক্ত ভাৰত গঢ়াৰ সম্পৰ্কত ভাষণ প্ৰদান কৰা সভাখনিত যোৰহাট জিলা যক্ষ্মা নিয়ন্ত্ৰণ কোষৰ জিলা সম্বন্বয়ক বিজু কামানে ৰাষ্ট্ৰীয় যক্ষ্মা দূৰীকৰণ আঁচনিৰ সম্পৰ্কত ৰাইজক বহলাই কয়। প্ৰায় ৮৫টা আত্ম সহায়ক গোটৰ সদস্যা সকল উপস্থিত থকা সভাখনিত নিলোৎপল বৰা, গাঁও পয্যায়ৰ সম্বন্বয়ক ৰূপা বৰা ভৰালী, অভ্যন্তৰীণ গুৰু ( আই মেণ্টৰ ) দীপা বৰুৱা, তুল তুল শৰ্মা, দিপাঞ্জলী দত্ত, সংগীতা দাস, অঞ্জনা দেৱী, ৰশ্মি শইকীয়া আদি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উক্ত সভাতে দীপা বৰাক গোট সমূহৰ হৈ এখনি গামোছাৰে বিদায় সম্ভাষণ জনায়।

Show More

Leave a Reply

Your email address will not be published.

Back to top button