অসম

পতিয়ৰী সত্ৰৰ সত্ৰাধিকাৰ জগন্নাথ দেৱ গোস্বামীৰ আদ্যশ্ৰাদ্ধ উপলক্ষে গ্ৰন্থ উন্মোচনী অনুষ্ঠান

সংবাদদাতা, টীয়ক:- আঊনিআটীৰ ডেকা সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীৰ পিতৃ পতিয়ৰী সত্ৰৰ সত্ৰাধিকাৰ জগন্নাথ দেৱ গোস্বামীৰ যোৱা ছয় ডিচেম্বৰত পৰলোক প্ৰাপ্তি হোৱাত তেওঁৰ আদ্যশ্ৰাদ্ধ অহা ১৬ আৰু ১৭ ডিচেম্বৰত পালন কৰা হ’ব টীয়কৰ লাদৈগড়স্থিত পতীয়ৰী সত্ৰত। সত্ৰাধিকাৰ জনৰ আদ্যশ্ৰাদ্ধ উপলক্ষত অহা ১৬ ডিচেম্বৰত ধৰ্মীয় কৰ্মসূচীৰ লগতে ১৭ ডিচেম্বৰত পূৰ্বে স্থগিত ৰখা গ্ৰন্থ উন্মোচনী সভাখন অনুষ্ঠিত হব। উল্লেখযোগ্য যে সত্ৰাধিকাৰ জনাৰ ১০২ বছৰীয়া কৰ্মময় জীৱনৰ আলোকপাত কৰি ইতিমধ্যেই প্ৰস্তুত কৰি উলিয়াইছিল শতায়ু প্ৰদীপ শীৰ্ষক এক গ্ৰন্থ। যোৱা ৮ ডিচেম্বৰত এই বিশেষ গ্ৰন্থখনি উন্মোচনৰ বাবে থিৰাং কৰা হৈছিল যদিও সত্ৰাধিকাৰ জনাৰ পৰলোক গমনত এই কাৰ্য্যসূচী স্থগিত ৰখা হয়। উক্ত গ্ৰন্থখনি ১৭ ডিচেম্বৰৰ দিনৰ ১২ বজাত আউনিআটিয় সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱ গোস্বামীয়ে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰিব। উক্ত নিশালৈ আদ্যশ্ৰাদ্ধৰ লগত সংগতি ৰাখি মুৰাৰী নাট্য দলে “ হৰিচন্দ্ৰ উপাখ্যান” নাট খনি মন্থস্ত কৰিব। উক্ত দুয়োটা দিনৰ কাৰ্যসূচীত আউনিআটিয় ডেকা সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীয়ে সমূহ ৰাইজৰ উপস্থিতি কামনা কৰিছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: