অসম

পথ দুৰ্ঘটনাত পতিত হৈ আজিও শৰ্যাগত চামগুৰিৰ হাঁহচৰা গাঁৱৰ এজন যুৱক

উন্নত চিকিৎসাৰ বাবে ৰাইজৰ লগতে চৰকাৰক সাহাৰ্য্যৰ প্ৰদানৰ আহ্বান

সংবাদদাতা, চামগুৰি : নগাওঁ জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত হাঁহচৰা গাৱঁৰ এজন যুৱক কিছুদিন পূৰ্বে এক পথ দুৰ্ঘটনাত পতিত হৈ আৰ্থিক অনাটনৰ বাবে বৰ্তমান ঘৰতে শৰ্যাগত হৈ থাকিব লগাত পৰিছে৷ উন্নত চিকিৎসাৰ বাবে বহু টকাৰ প্ৰয়োজন হোৱাত যুৱক জনৰ পৰিয়ালে বৰ্তমান অসম চৰকাৰৰ লগতে ৰাইজৰ ওচৰত সাহাৰ্য্য বিচাৰি সংবাদ মাধ্যমৰ জৰিয়তে আবেদন জনাইছে৷ 

জানিব পৰা মতে নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত হাঁহচৰা গাঁৱৰ মিঠুন দাস (২৭) নামৰ যুৱক জনে আজিৰ পৰা প্ৰায় দুমাহ পূৰ্বে এক গাড়ী দুৰ্ঘটন‍াত পতিত হোৱাৰ ফলত ৰাজ হাড় ডাল ভাঙি গৈছিল৷ ফলত যুৱকজন শাৰীৰিক ভাৱে অক্ষম হৈ পৰে। পৰিয়ালৰ লোকে যথা সময়ত যুৱকজনক চিকিৎসা কৰিছিল যদিও সুস্থ হৈ উঠা নাই।

পৰিয়ালৰ লোকে সাচঁতিয়া টকাৰ লগতে ঘৰৰ বহু সা-সম্প্ৰতি বিক্ৰী কৰি যুৱকজনক চিকিৎসা কৰিছিল যদিও বৰ্তমান আৰ্থিক অনাটনৰ বাবে উন্নত চিকিৎসা কৰাব পৰা নাই। যাৰ বাবে যুৱক জন ঘৰতে শৰ্যাগত হৈ থাকিব লগাত পৰিছে। জানিব পৰা মতে এক মাত্ৰ দৰিদ্ৰ পৰিয়ালটোৰ উৰ্পাজনৰ মূল আছিল মিঠুন দাস নামৰ যুৱকজন৷ যুৱকজনৰ এনে অৱস্থা হোৱাৰ পিছৰ পৰা এতিয়া পৰিয়ালটোৰ বাবে নামি আহিছে অমানিশা অন্ধকাৰ।

বিছনাত চটফটাই থকা স্বামীৰ অৱস্থা দেখি অসহায় হৈ পৰিছে মিঠুন দাসৰ পত্নী। মিঠুন দাসক সুস্থ কৰিবলৈ তথা উন্নত চিকিৎসাৰ বাবে বহু লাখটকা প্ৰয়োজন৷ যাৰ কাৰণে মিঠুন দাসৰ পত্নীয়ে স্বামীক সুস্থ কৰিবৰ কাৰনে উন্নত চিকিৎসাৰ বাবে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা স্বাস্থ্যমন্ত্রী কেশৱ মহন্ত আৰু চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইনৰ লগতে সু হৃদয়ৰ ৰাইজৰ ওচৰত

আৰ্থিক সাহাৰ্য্য বিচাৰি সংবাদ মাধ্যমৰ জৰিয়তে অনুৰোধ জনায়।ৰাজ্য চৰকাৰৰ লগতে কোনো সু-হৃদয়বান ব্যক্তি তথা দল-সংগঠনে সহায় কৰিব বিচাৰিলে ভাৰতীয় ষ্টেত বেংকত থকা Account No-35798004462,IFSC-SBIN00021,একাউন্ট নম্বৰ আৰু ৭০৮৬৬৬৬১১৯ ফোন নম্বৰটোত যোগাযোগ কৰিব পাৰিব বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে ৷

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: