অসম

পশ্চিমবংগৰ বিজেপি কৰ্মীৰ ওপৰত তৃণমূল কংগ্ৰেছৰ অত্যাচাৰত ধুবুৰীলৈ প্ৰৱজন

পৰিস্থিতিৰ বুজলৈ সামগ্ৰী বিতৰণ অসম বিজেপিৰ সভাপতি ৰঞ্জিৎ দাসৰ

সংবাদদাতা, মন্দিয়া : সম্প্ৰতি পশ্চিমবংগত তৃণমূল কংগ্ৰেছৰ কৰ্মীয়ে ভাৰতীয় জনতা পাৰ্টিৰ দলীয় কাৰ্যকৰ্তা তথা পৰিয়ালবৰ্গক অতি হিংসাত্মকভাৱে অত্যাচাৰ কৰিছে। এইয়া সমগ্ৰ দেশৰ বাবে এক হৃদয় বিদাৰক ঘটনা বুলি অভিহিত কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি তথা পাটাছাৰকুছি সমষ্টিৰ বিধায়ক ৰনজিৎ কুমাৰ দাসে৷ তেওঁ কয় যে, গণতান্ত্ৰিক দেশ এখনত নিৰ্বাচনক লৈ হোৱা হিংসাত্মক ঘটনাই বিশ্বজুৰি আমাক লজ্জানত কৰিলে।

এই দুখজনক ঘটনাত প্ৰায় ৩০০-৪০০ পশ্চিমবংগৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা আৰু তেখেতসকলৰ পৰিয়ালৰ সদস্যসকলে নিৰ্লজ্জ অত্যাচাৰ আৰু হিংসাৰ সন্মুখীন হোৱাৰ পিছত অসমৰ ধুবুৰীলৈ পাৰ হৈ আহিছে। আৰু সেয়ে ৰাজ্যিক বিজেপিৰ তৰফৰ পৰা তেখেতসকলক আশ্ৰয় আৰু খাদ্যবস্তু প্ৰদান কৰা হয়।

আজি দাসে উক্ত স্থান পৰিদৰ্শন কৰি পৰিস্থিতৰ বুজ লোৱাৰ লগতে তেখেতসকলক প্ৰয়োজনীয় কিছু সামগ্ৰী বিতৰণ কৰোঁ ৷ মমতা বেনাৰ্জীৰ নেতৃত্বত তেওঁলোকৰ দলৰ কৰ্মীয়ে কৰা এই পৈশাচিক অত্যাচাৰৰ তীব্ৰভাৱে নিন্দা কৰাৰ লগতে গৰিহণা দিয়ে দাসে৷ মানৱ সমাজ তথা গণতন্ত্ৰক লজ্জানত কৰা এই হিংসাত্মক কাৰ্যক অতি সোনকালে বন্ধ কৰিবলৈ ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে দাবী জনাইছে৷ 

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: