অসম

পশ্চিম বংগত ৰাষ্ট্ৰপতি শাসনৰ দাবীত গোসাইগাঁৱৰ মহকুমাধিপতি জৰিয়তে ৰাষ্ট্ৰপতিলৈ স্মাৰকপত্ৰ প্ৰদান

গোসাইগাঁও : বিধানসভা নিৰ্বাচনৰ ফলাফল ২ মে’ তাৰিখে অনুষ্ঠিলত হৈ যোৱাৰ লগে লগে পশ্চিমবংগত তৃণমূল কংগ্ৰেছৰ দ্বাৰা বিজেপিৰ কাৰ্য্যকৰ্তাৰ ওপৰত মাৰপিত, হত্যা, হিংসাৰ দাবানল সৃষ্টি কৰি ত্ৰাস চলাইছে। ইয়াতে ক্ষান্ত নাথাকি তৃণমূল কংগ্ৰেছীৰ গুণ্ডাবাহিনীয়ে বিজেপিৰ কাৰ্যালয় ধ্বংস কৰিছে৷ তৃণমূল কংগ্ৰেছী সকলৰ অসভ্য আচৰণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আজি গোসাইগাঁও মহকুমাৰ মহকুমাধিপতিৰ কাৰ্যালয়

প্ৰাংগণত ভাৰতীয় জনতা পাৰ্টিৰ সৰাইবিল মণ্ডল সমিতি, গুমা মণ্ডল সমিতি আৰু যমদুৱাৰ মণ্ডল সমিতিয়ে অৱস্হান ধৰ্মঘট পালন কৰে৷ ধৰ্মঘট পালন কৰি ভাৰতীয় জনতা পাৰ্টিৰ তিনিটা মণ্ডল সমিতিয়ে পৃথকে গোসাইগাঁও মহকুমাৰ মহকুমাধিপতিৰ জৰিয়তে পশ্চিমবংগত ৰাষ্ট্ৰপতি শাসন বলৱৎ কৰাৰ বাবে ৰাষ্ট্ৰপতিলৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰে৷ স্মাৰক পত্ৰ প্ৰদানৰ

অন্তত ভাৰতীয় জনতা পাৰ্টিৰ গুমা মণ্ডল সমিতিৰ সভাপতি নিলেশ্বৰ ৰায়ে কয় যে পশ্চিম বংগৰ তৃণমূল কংগ্ৰেছে বিজেপিৰ কাৰ্য্যকৰ্তাৰ ওপৰত যি আতিশয্য চলাই যে তাৰ পৰিণতিত বহু বিজেপি কাৰ্য্যকৰ্তা আত্মগোপন হৈ পকিংলময় জীৱন যাপন কৰিব লগা হৈছে প্ৰাণৰ মমতাত৷ তৃণ মল কংগ্ৰেছৰ অত্যাচাৰত বহু বিজেপি কাৰ্য্যকৰ্তা পশ্চিমবংগৰ গাতে লাগি থকা অসম-পশ্চিমবংগ সীমান্ত এলেকাৰ বিভিন্ন ঠাইত আশ্ৰয় লৈছে ৷

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: