অসম

পশ্চিম মূঢ়াদল গাঁও পঞ্চায়তত তিনিখনকৈ ফাৰ্মৰ শুভ উদ্বোধন আঞ্চলিক পঞ্চায়তৰ সভাপতি অজিত পায়েঙৰ

সংবাদদাতা, জামুগুৰিহাট:- চতিয়া সমষ্টিৰ অন্তৰ্গত পশ্চিম মূঢ়াদল গাঁও পঞ্চায়তৰ অন্তৰ্গত গড়বিল, চিলনী পাম আৰু বৰদিকৰাইত তিনিখনকৈ গাহৰী ফাৰ্ম, কল বাগান আৰু বেকাৰী ফ্ৰামৰ আজি ৰঙা ফিতা কাটি শুভ উদ্বোধন কৰে নদুৱাৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি অজিত পায়েঙে। অঞ্চলটোৰ মহিলা সকলে গোটবান্ধি আৰম্ভ কৰা এই গাহৰী ফাৰ্মলৈ পঞ্চায়তৰ তৰফৰ পৰা আৰ্থিক সাহায্য আগবঢ়োৱা কথা জানিবলৈ দিয়ে সভাপতি অজিত পায়েঙে। ফ্ৰাম তিনিখন শুভ উদ্বোধন কৰি সভাপতি গৰাকীয়ে কয়- গ্ৰামাঞ্চলৰ অৰ্থনৈতিক ভেঁটি সৱল কৰাৰ ক্ষেত্ৰত চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই বিভিন্ন আঁচনি যুগুত কৰি আহিছে। আমি সকলো শ্ৰেণী ৰাইজক এই আঁচনিৰ অংশীদাৰ হ’বলৈ আহ্বান জনাইছো। গ্ৰামাঞ্চলৰ অৰ্থনৈতিক ভেটী সবল কৰাৰ ক্ষেত্ৰত মহিলাসকলে পশ্চিম মূঢ়াদল গাঁও পঞ্চায়তত যি ভূমিকা গ্ৰহণ কৰিছে সেইয়া প্ৰশংসনীয় বুলি মন্তৱ্য কৰে সভাপতি অজিত পায়েঙে। ইয়াৰোপৰি কৰ্কট ৰোগত আক্ৰান্ত হোৱা ৭০ বছৰীয়া বৃদ্ধাক মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্বৰ তৰফৰ পৰা ২৫ হাজাৰ টকাৰ চেক প্ৰদান কৰে সভাপতি অজিত পায়েঙে। সভাপতি গৰাকীয়ে চিলনী পামত এটি মহিলা আত্মসহায়ক গোটে নিৰ্মাণ কৰা এটি বিস্কুট তৈয়াৰ কৰা উদ্যোগো মুকলি কৰে সভাপতি অজিত পায়েঙে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: