পশ্চিম যোৰহাটত অভিনন্দন অনুষ্ঠান
সংবাদদাতা, পশ্চিম যোৰহাট:- চাৰিঙীয়া বাপুজী পথস্থিত ইউ টাৰ্ন বডি জিমে ডক্টৰেট ডিগ্ৰী লাভ কৰা প্ৰশান্ত পূজাৰী, আই আই টি কানপুৰত কাৰিকৰী শিক্ষা লাভ কৰিবলৈ সুবিধা লাভ কৰা অৰিন্দম বৰা আৰু কণমানি নৃত্য শিল্পী দেৱাংগণা শইকীয়াক গামোচা, একোখনকৈ অভিনন্দন পত্ৰ আৰু একোটা ফুলৰ থোপাৰে ২১ নৱেম্বৰত অভিনন্দন জনায়। ২০১৪ চনত প্ৰতিষ্ঠা কৰা শাৰীৰিক অনুশীলনৰ অনুষ্ঠান ইউ টাৰ্ন বডি জিমৰ স্বত্বাধিকাৰ পৱন বৰাই অঞ্চলটোত ১২ শ গছপুুলি ৰোপণ কৰিছিল আৰু ইয়াৰে ৮ শতাধিক পুলি
জীৱিত হৈ আছে বুলি উদ্দেশ্য ব্যাখ্যাত কোৱাৰ লগতে আৰ্থিকভাৱে শোচনীয় পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীক নগদ ধন প্ৰদান কৰি থকা হয় বুলি কয়। তদুপৰি ক’ভিড সংক্ৰমণৰ সময়ত বডি জিমৰ হৈ বহু পৰিয়ালক খাদ্য সামগ্ৰী প্ৰদান কৰিছিল। অঞ্চলটোৰ উন্নয়নৰ স্বাৰ্থত বডি জিমে আগন্তুক সময়ত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি কোৱা সভাখন পৰিচালনা কৰে ৰমেন শইকীয়াই। সভাত মীৰা শইকীয়া, ৰবাৰ্ট সন্দিকৈ, দিগন্ত কুৰ্মী, বিজিত বৰা আৰু গকুল মহন্তই বক্তব্য আগবঢ়ায়। সভাখনত ভালেসংখ্যক লোক উপস্থিত থাকে।