অসম

পশ্চিম যোৰহাটত ভাৰতী ফাউণ্ডেশ্যনৰ প্ৰতিযোগিতা

সংবাদদাতা, পশ্চিম যোৰহাট:- ফিট ইণ্ডিয়া মুভমেণ্ট উপলক্ষে ভাৰতী ফাউণ্ডেশ্যনে অঞ্চলটোৰ ম’হবন্ধা বাগান, ম’হবন্ধা জুনিয়ৰ মাদ্ৰাচা, ম’হবন্ধা পুৰণা লাইন, নতুন চামগুৰি বাগিচা, চামগুৰি বাগিচা, কানিয়া চাপৰি, বাঁহবাৰী মজদুৰ, চকলাটিঙা বাগান, চকলাটিঙা চাহ বাগিচা ১২ নং লাইন, পাবনা গাঁও এল পি স্কুলৰ শিক্ষাৰ্থী, শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক, পৰিচালনা সমিতি, শুভাকাংক্ষীৰ উপস্থিতিত ম’হবন্ধা বাগান এল পিত ১৪ ডিচেম্বৰত শিক্ষাৰ্থীসকলৰ অংশগ্ৰহণেৰে দ-বাম, লক্ষ্যভেদ, অংক দৌৰ, স্কিপিং, চিত্ৰাংকণ, নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰে। পুৱা যোৰহাটৰ অতিৰিক্ত উপায়ুক্ত কবিতা কাকতি কোঁৱৰে বন্তি প্ৰজ্বলন, গছ-পুলি ৰোপণ কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। যোগৰ অনুশীলন কৰাই অনিল নেওগে। ভাৰতী ফাউণ্ডেশ্যনৰ সৌভিক গুপ্তা, পৰ্যবেক্ষক ৰূপে থকা প্ৰবীণ প্ৰসাদ গুপ্তাৰ পৰিকল্পনাত অনুষ্ঠিত ইণ্ডিয়া মুভমেণ্টৰ প্ৰতিযোগিতাৰ পাছতে ম’হবন্ধা বাগান এল পি ৰ সহকাৰী শিক্ষক প্ৰদীপ শৰ্মা ভঁৰালীয়ে আঁত ধৰা সভাত শিক্ষাৰ জিলা আচঁনি বিষয়া পৰশ গোস্বামী, জোনালী কটকী, সমল শিক্ষক নিবেদিতা শৰ্মা বৰুৱা, পশ্চিম যোৰহাট সাংবাদিক সংস্থাৰ সভাপতি ৰমেন শইকীয়াই বক্তব্য আগবঢ়ায়। শিক্ষাৰ্থীসকলে দিহানাম, ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰাৰ পাছতে প্ৰতিযোগিতাত স্থানপ্ৰাপ্ত সকলক মানপত্ৰসহ পুৰস্কাৰ প্ৰদান কৰে। মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক সবিতা মজুমদাৰ তালুকদাৰ, শিক্ষা স্বেচ্ছাসেৱক সংগীতা তাঁতী উপস্থিত থকা সভাতে শিক্ষক-শিক্ষয়িত্ৰীৰ অংশগ্ৰহণেৰে অনুষ্ঠিত প্ৰতিযোগিতাত স্থান প্ৰাপ্ত আৰু প্ৰতিযোগিতাত শ্ৰেষ্ঠ বিদ্যালয়সমূহকো মানপত্ৰসহ উপহাৰ প্ৰদান কৰা হয়। উল্লেখ্য, ৰাজ্যৰ যোৰহাট, মাজুলী, বিশ্বনাথ চাৰিআলি আৰু কামৰূপ মেট্ৰ জিলাৰ ১৫ খনকৈ মুঠ ৬০খন শিক্ষানুষ্ঠানত ভাৰতী ফাউণ্ডেশ্যনে শিক্ষাৰ বিকাশৰ বাবে ২০১৮ চনৰ পৰা সহযোগিতা কৰি অহাৰ লগতে বিভিন্ন কাৰ্য ৰূপায়ণেৰে শিক্ষাৰ্থীৰ মূল্যায়ন কৰি এদল দক্ষ সমল ছাত্ৰ-ছাত্ৰী নিৰ্বাচিত কৰি উলিওৱাৰ লগতে শিক্ষানুষ্ঠানসমূহতো বিভিন্ন সম্পদ, সামগ্ৰী যোগান ধৰি আহিছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: