অসম

পশ্চিম যোৰহাটৰ ম’হবন্ধাস্থিত ছ্যুকাফা সমন্বয় ক্ষেত্ৰ পৰিদৰ্শন মন্ত্ৰী বিমল বৰাৰ

সংবাদদাতা , পশ্চিম যোৰহাট : যোৰহাট জিলাৰ পশ্চিম দিশৰ ৰাষ্ট্ৰীয় পথৰ কাষৰ ম’হবন্ধা তিনিআলিৰ সমীপতে থকা স্বৰ্গদেউ চাওলুং ছ্যুকাফা সমন্বয় ক্ষেত্ৰ ২ জুনত পৰিদৰ্শন কৰিলে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী বিমল বৰাই। মন্ত্ৰীজনে ছ্যুকাফা সমন্বয় ক্ষেত্ৰৰ আধাৰুৱা হৈ থকা কাম-কাজৰ বুজ লয়৷ আগন্তুক  ৯০ দিনৰ ভিতৰত  ছ্যুকাফা সমন্বয় ক্ষেত্ৰৰ নিৰ্মীয়মান

হৈ থকা সভাগৃহটো সম্পূৰ্ণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক মন্ত্ৰীজনে নিৰ্দেশ দিয়ে৷ ছ্যুকাফা সমন্বয় ক্ষেত্ৰখনক পৰ্যটকৰ আকৰ্ষণীয় ৰূপত গঢ়ি তুলি উত্তৰ পূৰ্বাঞ্চলত স্বাভিমানৰ প্ৰতীক ৰূপে চিহ্নিত কৰিবলৈ চেষ্টা কৰিব বুলি মন্ত্ৰীজনে বক্তব্যত উল্লেখ কৰে৷ সমন্বয় ক্ষেত্ৰত সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু স্বৰ্গদেউ চাওলুং ছ্যুকাফা সমন্বয়ৰ বিষয়ববীয়া সকলৰ লগত এখন পৰ্যালোচনা সভাতো

মন্ত্ৰীজনে অংশগ্ৰহণ কৰে৷পৰিদৰ্শন কালত মন্ত্ৰীজনৰ লগত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰ,যোৰহাট জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মন, জিলা প্ৰশাসনৰ অন্যান্য বিষয়াসকল আৰু সংশ্লিষ্ট বিভাগৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে৷

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: