অসম

পশ্চিম যোৰহাট অঞ্চলৰ ২৬৭ টা নামঘৰত শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ পালন

সংবাদদাতা, পশ্চিম যোৰহাট:- পূৱে তৰাজানৰ পৰা পশ্চিমে কাকডোঙালৈ, উত্তৰে ব্ৰহ্মপুত্ৰৰ পৰা দক্ষিণে কমাৰবন্ধা পথলৈকে আগুৰা চৰাইবাহী, সৰুচৰাই, পৰ্বতীয়া আৰু খঙীয়া মৌজাত পৰিচালিত হৈ আছে ২৬৭টা নামঘৰ।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ সংখ্যক জন্মোৎসৱ ১-৪ দিনীয়াকৈ নামঘৰসমূহত পালন কৰা হৈছে। ১৫ অক্টোবৰত প্ৰতিটো নামঘৰতে পুৱাৰে পৰা ক্ৰমে প্ৰভাত ফেৰী, ঊষা কীৰ্তন, ধৰ্ম ধ্বজা উত্তোলন, স্মৃতি তৰ্পন, শ্ৰীমদ্ভাগৱতসহ এলেকা পৰিভ্ৰমণ, নাম প্ৰসংগ, সন্ধিয়া বন্তি প্ৰজ্বলন কৰা হয়।

নিশালৈ দিহানাম, শংকৰীকৃষ্টি প্ৰদৰ্শন কৰাৰ উপৰি ২/১ নামঘৰত কাইলৈৰ পৰা ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণেৰে বিভিন্ন প্ৰতিযোগিতা আৰু ভাওনা প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছে। অঞ্চলটোৰ ২২ স্থানত দুৰ্গা পূজা অনুষ্ঠিত কৰি ১৫ অক্টোবৰত দেৱী বিসৰ্জনেৰে দুৰ্গা পূজাৰ সামৰণি মৰা হয়।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: