অসম
পহিলা ব’হাগত হাবিবঙাবাৰী কেন্দ্ৰীয় উদয়ন সংঘৰ উদ্যোগত মুকলি বিহুৰ আয়োজন

সংবাদদাতা, ভূৰবন্ধা:- অসমীয়াৰ স্বাভিমান হেঁপাহৰ ৰঙালী বিহুটি কেন্দ্ৰীয় উদয়ন সংঘ, হাবিবৰঙাবাৰীয়ে বিগত পোন্ধৰ বছৰে প’হিলা ব’হাগৰ দিনটোত যুৰীয়া আহঁতৰ তলত দিনযোৰা কাৰ্যসূচীৰে মুকলি বিহু অনুষ্ঠিত কৰি আহিছে। এইবেলিও বিগত বৰ্ষৰ দৰে প’হিলা বহাগৰ দিনা কেন্দ্ৰীয় উদয়ন সংঘৰ বিহু বাকৰিত (যুৰীয়া আহঁতৰ তলত) আবেলি ৩ বজাত আমন্ত্ৰিত বিহুৱা দলৰ লগতে স্থানীয় বিহুৱা দলৰ মুকলি বিহু প্ৰদৰ্শন আৰু সন্ধিয়া ৭ বজাত জনপ্ৰিয় কণ্ঠ শিল্পী বৰণ বিকাশৰ সংগীতানুষ্ঠান আয়োজন কৰা হৈছে। কেন্দ্ৰীয় উদয়ন সংঘৰ সাধাৰণ সম্পাদক বিপ্লৱ কুমাৰ নাথে উক্ত দিৱসৰ আবেলি মুকলি বিহু অনুষ্ঠানত সকলোৱে জাতীয় সাজপাৰ পৰিধান কৰি উপস্থিত থাকি সহযোগিতা আগবঢ়াবলৈ জনাইছে।