অসম

পাকাবেতবাৰী শিশু উন্নয়ন প্ৰকল্পৰ অধীনস্থ খান্দাৰকুৰ অঙ্গনাবাডী কেন্দ্ৰত শিশু,গৰ্ভৱতী-প্ৰসূতিৰ মাজত খাদ্য-সামগ্ৰী বিতৰণ

সংবাদদাতা, বৰপেটা : বৰপেটা জিলাৰ পাকাবেতবাৰী সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনস্থ ৬৬ নং খান্দাৰকুৰ গাঁও অংগনৱাড়ী কেন্দ্ৰত আজি প্ৰায় তিনি শতাধিক শিশু, গৰ্ভৱতী, প্ৰসূতিৰ মাজত খাদ্য-সামগ্ৰী বিতৰণ কৰা হয়। উল্লেখ্য যে, কেন্দ্ৰটোৰ কৰ্মী মুঞ্জুৱাৰা আহমেদ, পাকাবেতবাৰী জাগৰণ জাতীয় বিদ্যালয়ৰ সহ:শিক্ষক তথা সাংবাদিক ৰহমত আলী, ৪২ নং দক্ষিণ বেতবাৰী গাঁও পঞ্চায়তৰ কৰ আদায়কাৰী লালচান উদ্দিন আহমেদ,

স্থানীয় গাঁওবুঢ়া ৰহিম আলী, কেন্দ্ৰটোৰ পৰিচালনা সমিতিৰ সভাপতি তথা ৮ নং খান্দাৰকুৰ ৱাৰ্ডৰ সদস্যা নাজমা খাতুন তথা প্ৰাক্তন সদস্য ৰেজাক আলী, সমাজকৰ্মীদ্বয় ছলেমান খান আৰু ছফিদুল হুছেইন অাদিকে কৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত কেন্দ্ৰটোৰ প্ৰায় তিনি শতাধিক শিশু ছাত্ৰ-ছাত্ৰী, গৰ্ভৱতী-প্ৰসূতি মহিলাৰ মাজত মটৰ মাহ, ছাতু, চাউল আদি

বিতৰণৰ শুভাৰম্ভ কৰে স্থানীয় ১৭ নং খান্দাৰকুৰ আৰু কেওঁটপাৰা গাঁৱৰ গাঁওবুঢ়া ৰহিম খানে। উল্লেখ্য যে, সৌষ্ঠৱপূৰ্ণভাৱে শিশু তথা গৰ্ভৱতী-প্ৰসূতি মহিলাৰ মাজত খাদ্য-সামগ্ৰী বিতৰণ কৰে যদিও বহু অঙ্গনাবাডী কেন্দ্ৰই হিতাধিকাৰীৰৰ মাজত খাদ্য সামগ্ৰী বিতৰণ নকৰাৰ অভিযোগ উত্থাপিত হৈ অহাৰ সময়তে খান্দাৰকুৰ গাঁৱৰ অঙ্গনাবাডী কেন্দ্ৰটোৱে লোৱা এই পদক্ষেপত ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: