অসম

পানেৰী সমষ্টিত বিশ হাজাৰ বিনামূলীয়া চৌকা বিতৰণ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ

সংবাদদাতা, টংলা:- ওদালগুৰি জিলাৰ অন্তৰ্গত ৬৪ নম্বৰ পানেৰী সমষ্টিত আজি হঠাৎ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে উপস্থিত হৈ আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ লোকৰ মাজত চৌকা বিতৰণ কৰে।চৌকা বিতৰণ কৰি তেওঁ ব্যক্ত কৰি কয় যে বর্তনম মূল্য বৃদ্ধি ফলত আমাৰ গ্রাম্য অঞ্চলত বহু লোকৰ সমস্য সৃষ্টি হয় আহিছে, বহু লোকে গেছ ব্যৱহাৰ কৰিবলৈ সক্ষম নহয় গতিকে তেওঁ লোকে কিছু সকাহ পাবলৈ আজি এই চৌকা বিতৰণ কৰা হয় বুলি কয়।

তেওঁ কয় যে পানেৰি সমষ্টিত বসবাস কৰা ৬০ শতাংশ জনসাধাৰণেই ৰন্ধনত ইন্ধন হিচাপে বাঁহ, কাঠ, খেৰ ইত্যাদি, ব্যৱহাৰ কৰি আহিছে যাৰ ফলত যথেষ্ট পৰিমানে প্ৰদূষণ হোৱাৰ আশংকা কৰিছে অধক্ষ্য বিশ্বজিৎ দৈমাৰীয়ে। সেয়েহে অত্যাধনিক প্ৰযুক্তি বিদ্যাৰে প্ৰদূষণ মুক্তৰ লক্ষ্যৰে নিৰ্মাণ কৰা চুলা, বিবিশিখা এলএলপি এচুচ্যেছনৰ উদ্যোগত বিতৰণ কৰাৰ পৰিলক্ষিত হয়। বিধায়ক বিশ্বজিৎ দৈমাৰীয়ে কয় যে উজ্জ্বলা আঁচনিৰ অধীনত

দিয়া বিনামূলীয়া এলপিজি ৰন্ধন গেছৰ ফলত কিছু পৰিমাণে প্ৰদূষণ মুক্ত হোৱাৰ দিশে গতি কৰিছিল যদিও পানেৰী সমষ্টিৰ গ্ৰামাঞ্চ্যলত বসবাস কৰা সাধাৰণ ৰাইজে ধনৰ অভাৱত ৰন্ধন গেছৰ সলনি বাঁহ, কাঠ, খেৰ আদিক হে ইন্ধন হিছাপে ৰন্ধনৰ কামত ব্যৱহাৰ কৰি আহিছে যাৰ বাবে বিধায়ক গৰাকীয়ে এই অত্যাধনিক চুলা বা (cookstove) প্ৰদান কৰি সমাজ কল্যাণ সন্থাৰ উদ্যোগতা বিবিশিখা এলএলপি এচুচ্যেছনক ধন্যবাদ দিয়াৰ লগতে কমদিনৰ ভিতৰত পানেৰী সমষ্টিত বাসকৰা প্ৰতিটো পৰিয়ালক ৬ টা কৈ বিনামূলীয়া

বাল্ব দিয়াৰ পৰিকল্পনাৰ কথাও প্ৰকাশ কৰা লগতে সমষ্টিতোৰ ২০ হাজাৰ পৰিয়ালক এই আঁচনিয়ে সামৰি ল’ব বুলি কোৱাৰ লগতে হস্পিতাল, আৱৰ্ত ভৱন, ষ্টেডিয়াম নিৰ্মাণ আদি উন্নয়ন মূলক কাম কাজ কম সময়ৰ ভিতৰত আৰম্ভ হব বুলি অসম বিধানসভা মজিয়াৰ অধক্ষ্য তথা পানেৰি সমষ্টিৰ বিধায়ক বিশ্ব্জিৎ দৈমাৰীয়ে কয়।আজি শুক্লায়,ডিমাকুচি, ভেৰগাঁও,বৰটংলা আৰু সামেকুছিত উক্ত চৌকা বিতৰণ কাৰ্যসূচীত মুঠ ৪০০ জন পৰিয়ালৰ মাজত বিতৰণ কৰা হয়।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: