অসম

পি.আৰ.এল কোম্পানীৰ অৱহেলাৰ বাবে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ জীয়াতু ভুগিছে ৰাইজে

সংবাদদাতা, পুৰণিগুদাম:- নগাঁও জিলাৰ পুৰণিগুদামত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ বাবে এতিয়া দুৰ্ভোগ ভুগিছে সাধাৰণ জনতাই। ইতিমধ্যে এই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ চোৱা চাৰিলেনযুক্ত পথলৈ সম্প্ৰসাৰণৰ কাম চলি আছে। কিন্তু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ অমনোযোগিতা আৰু পি.আৰ.এল নামৰ নিৰ্মীয়মান প্ৰতিষ্ঠানৰ কামৰ হেমাহি আৰু অৱহেলাৰ বাবেই এতিয়া সাধাৰণ জনতাই দুৰ্ভোগ ভুগিবলগীয়া হৈছে।

নগাঁৱৰ উৰিয়াগাঁৱৰ পৰা তেলিয়াগাঁও পৰ্যন্ত ৰাষ্ট্ৰীয় ঘাইপথটো সম্প্ৰসাৰণৰ ঠিকা লাভ কৰিছিল পি.আৰ.এল নামৰ এটা কোম্পানীয়ে। কিন্তু পি.আৰ.এল নামৰ নিৰ্মীয়মান প্ৰতিষ্ঠানটোৰ চৰম অৱহেলাৰ বাবেই এতিয়া বিপদজনক হৈ পৰিছে নগাঁৱৰ পুৰণিগুদাম‌ ন-আলিমুৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ চোৱা। যাৰ বাবে প্ৰতিদিনাই দুৰ্ঘটনা সংঘটিত হৈছে। আনপিনে নগাঁৱৰ পুৰণিগুদাম ন-আলিমুৰত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত কালভাৰ্ট নিৰ্মাণৰ নামত পি.আৰ.এল কোম্পানীয়ে ৰাইজৰ জীৱনক লৈ হেতালি খেলিছে।

অতি নিম্ন মানদণ্ডৰ কালভাৰ্ট নিৰ্মাণৰ কাম কৰি এতিয়া ভয়াবহ কৰি তুলিছে ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা। যাৰ ফলত পথটোত সৃষ্টি হৈছে বৃহৎ বৃহৎ গাতঁৰ। কিন্তু ইমানৰ পাছতো গা লৰা নাই ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ তথা পি.আৰ.এল নামৰ কোম্পানীটোৰ। যাৰ বাবে এতিয়া ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ, লগতে কোম্পানীটোৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল’বলৈ দাবী জনাইছে চৰকাৰক।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: