অসম

পুথিভঁৰালৰ জনক ডঃ শিৱালী ৰামমৃত ৰংগনাথনৰ জন্মদিন পালন, “পুথিভঁৰাল মিত্ৰ” উন্মোচন

সংবাদদাতা, পশ্চিম যোৰহাট: পুথিভঁৰালৰ জনক ডঃ শিৱালী ৰামমৃত ৰংগনাথনৰ জন্মদিন ৯ আগষ্টত সমগ্ৰ ৰাজ্যতে ৰাইজৰ প্ৰচেষ্টাত প্ৰতিষ্ঠিত আৰু পৰিচালিত পুথিভঁৰালসমূহত পুথিভঁৰাল দিৱস হিচাপে পালন কৰা হয়। সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাই কেন্দ্ৰীয়ভাৱে ন-গাঁও স্থিত কাৰ্যালয়ত পালন কৰাৰ লগতে “পুথিভঁৰাল মিত্ৰ” নামৰ এখন পত্ৰিকাৰ প্ৰস্তাৱনা সংখ্যাটো উন্মোচন কৰে। প্ৰতি মাহতে প্ৰকাশ পাবলগীয়া “পুথিভঁৰাল মিত্ৰ” নামৰ সংবাদ প্ৰৱাহখনত সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ স্বীকৃতিপ্ৰাপ্ত জিলা,

মহকুমা আৰু নগৰে-গাঁৱে ৰাইজৰ প্ৰচেষ্টাত প্ৰতিষ্ঠা হোৱা আৰু পৰিচালনা কৰি থকা পুথিভঁৰালসমূহত মাহটোত পুথিভঁৰালটোৰ জৰিয়তে ৰূপায়ণ কৰা বা-বাতৰিৰ লগতে আলোকচিত্ৰ প্ৰকাশিত হ’ব আৰু সেই পুথিভঁৰালসমূহৰ লগত জড়িত পঢ়ুৱৈসকলৰ বাবে ন-গাঁও স্থিত কেন্দ্ৰীয় কাৰ্যালয়ৰ পৰা প্ৰতি মাহতে প্ৰেৰণ কৰি থকা হ’ব। যোৰহাট জিলা গ্ৰাম্য পুথিভঁৰাল সন্থাইয়ো স্মৃতিৰক্ষা পুথিভঁৰালত ৯ আগষ্টত ডঃ শিৱালী ৰামমৃত ৰংগনাথনৰ জন্মদিন পালন কৰা হয়।

আৰম্ভণিতে পুথিভঁৰালৰ জনক গৰাকীৰ প্ৰতিচ্ছবি প্ৰতিষ্ঠা কৰি ধূপ-দীপ প্ৰজ্বলন কৰাৰ পাছতে তেওঁৰ কৰ্মময় জীৱন আৰু ৰাষ্ট্ৰখনলৈ আগবঢ়াই থৈ যোৱা অৱদানৰ সম্পৰ্কে বিভিন্নগৰাকীয়ে বক্তব্য আগবঢ়ায়। পুথিভঁৰাল দিৱসত সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ স্বীকৃতি প্ৰাপ্ত যোৰহাট জিলা গ্ৰাম্য পুথিভঁৰাল সন্থাৰ অধীনস্থ বহুকেইটা পুথিভঁৰালৰ সভাপতি, সম্পাদক, কৰ্মীৰ লগতে আজীৱন সভ্যসকলে অংশগ্ৰহণ কৰে। উল্লেখ্য, যোৰহাট জিলা এলেকাত ৰাইজৰ দ্বাৰা প্ৰতিষ্ঠিত-পৰিচালিত হৈ থকা পুথিভঁৰালসমূহক যোৰহাটৰ জিলা গ্ৰাম্য পুথিভঁৰাল সন্থাই সংগঠিত কৰি ৰাজ্যিক সন্থাৰ স্বীকৃতি প্ৰদান কৰি থকাৰ উপৰি কৰ্মীসকলক আজীৱন সভ্য ৰূপে অন্তৰ্ভুক্ত কৰাই আছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: