অসম

পুথিভঁৰাল, এনজিঅ’ৰ প্ৰতিষ্ঠা দিৱস পালন

সংবাদদাতা, পশ্চিম যোৰহাট:- সাহপুৰীয়া গাঁৱত ১৯৯৫ চনৰ পহিলা জানুৱাৰীত প্ৰতিষ্ঠা কৰা ৰত্নেশ্বৰ শইকীয়া স্মৃতি ৰাজহুৱা পুথিভঁৰালৰ প্ৰতিষ্ঠা দিৱস ২০২২ বৰ্ষক ১ জানুৱাৰীত পালন কৰা হয়। সভাপতি প্ৰভাত দত্তই পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পাছতে স্মৃতি তৰ্পণ কৰে প্ৰতিষ্ঠাপক সম্পাদক ৰমেন শইকীয়াই। দেবাশীষ দত্ত, অংকুৰ বৰা, প্ৰাঞ্জল শইকীয়াই বক্তব্য আগবঢ়ায়। ইফালে ২০০০ চনতে প্ৰতিষ্ঠা হোৱা বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন সৃষ্টিৰ প্ৰতিষ্ঠা দিৱস ২০২২ চনৰ ১ জানুৱাৰীত পালন কৰা হয়। পতাকা উত্তোলন, স্মৃতি তৰ্পণৰ পাছতে সমাজলৈ বিশিষ্ট বৰঙনি আগবঢ়োৱা কুৰিগৰাকীক ইংৰাজী নববৰ্ষৰ পহিলা দিনটোতে ওলগ জনায়। তেওঁলোকে জীৱনত লাভ কৰা অভিজ্ঞতা আৰু সমাজ উন্নয়নৰ বাবে আগবঢ়োৱা বৰঙনিৰ সম্পৰ্কত উল্লেখ কৰে। প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত ভালেসংখ্যক লোক উপস্থিত থাকে। শিশুসকলে পৰিবেশন কৰে গীত, প্ৰদৰ্শন কৰে নৃত্য।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: