অসম

পুনৰ ৰে’লৰ খুন্দাত নিহত বন্যহস্তীৰ

সংবাদদাতা, টীয়ক:– আজি মৰিয়নি সমষ্টিৰ নকচাৰিত পুৱতি নিশা ৰে’লৰ খুন্দাত মৃত্যু মুখত পৰে এক বন্যহস্তীৰ পোৱালি। উল্লেখযোগ্য যে উজনিমুৱা ০২৪২৪ নম্বৰৰ ৰাজধানী এস্কপ্ৰেছৰ খুন্দাত মৃত্যু হয় হাতীৰ পোৱালিটো। নকচাৰীৰ ভেলুগুৰি ৯৫ নং গেটৰ ৰে’লপথত সংঘটিত হৈছে এই ঘটনা। উক্ত স্থানত পূৰ্বেও বন বিভাগৰ গাফিলতিৰ বাবে ৩টা কৈ বন্যহস্তীৰ মৃত্যু হৈছিল ৰে’লৰ খুণ্ডাত। জানিব পৰা মতে কেইবাদিন ধৰি উক্ত স্থানত কেইবাটাও বন্যহস্তীয়ে বিচৰণ কৰি আছিল। গিবন অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত প্ৰায় ওলাই অহা হাতীৰ জাক সমূহ বন বিভাগৰ গাফিলতিৰ বাবে বাৰে বাৰে এনেদৰে দুৰ্ঘটনাগ্ৰস্ত হৈছে বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: