অসম

পুৰণিগুদাত উন্নত মানৰ “ৰঞ্জিত চাব ১” ধানৰ বীজ বিতৰণ

সংবাদদাতা, পুৰণিগুদাম : নগাঁও জিলাৰ কলিয়াবৰ  কৃষি মহকুমাৰ অন্তৰ্গত পুৰণিগুদাম কৃষি উন্নয়ন চক্ৰৰ অধীনৰ পুৰণিগুদাম গাঁও পঞ্চায়তৰ অন্তৰ্ভুক্ত ১০টা ৱাৰ্ডৰ কৃষক সকলৰ মাজত আজি কৃষি বিভাগৰ তৰফৰ পৰা উন্নত মানৰ ধানৰ বীজ যোগান ধৰা হয়।

আজি পুৱা ১০ মান বজাত ভাৰতীয় জনতা পাৰ্টীৰ বঢ়মপুৰ মণ্ডল সমিতিৰ উপসভাপতি কৰুণা ভট্টাচাৰ্য্যৰ উপস্থিতিত পুৰণিগুদাম গাঁও পঞ্চায়তৰ তিনি নং বাৰ্ডৰ সদস্য জিতেন দাস আৰু ছয় নং বাৰ্ডৰ সদস্যা গীতা শৰ্মা সহযোগত কৃষক সকলৰ মাজত ১২ কুইণ্টল

উন্নত মানৰ” ৰঞ্জিত চাব ১” ধানৰ বীজ বিতৰণ কৰে। বীজ বিতৰণ অনুষ্ঠানটিত তত্বাবধায়ক ক্ৰিপেশ শৰ্মা, জিলা পৰিষদৰ সদস্যা জিন্টী বৈৰাগী, পুৰণিগুদাম গাওঁ পঞ্চায়তৰ আঞ্চলিক সদস্যা ৰূপজ্যোতি বৰুৱা বিশিষ্ট  সমাজকৰ্মী পুলিন হাজৰিকাৰ লগতে উপস্থিত থাকে ।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: