পুৰণিগুদামত কবিতা বৰা কলিতাৰ গ্ৰন্থ উন্মোচন

সংবাদদাতা, পুৰণিগুদাম:- নগাঁও জিলাৰ পুৰণিগুদাম অনিৰ্বাণ গোষ্ঠীত আজি বিয়লি পুৰণিগুদাম শংকৰদেৱ বিদ্যানিকেতনৰ প্ৰধান আচাৰ্য্য তথা গল্পকাৰ কবিতা বৰা কলিতাৰ এখন গ্ৰন্থ উন্মোচন কৰা হয়। এই উপলক্ষে পুৰণিগুদামৰ বিশিষ্ট সমাজকৰ্মী, শিক্ষাবিদ তথা লাইআটি সত্ৰৰ সত্ৰাধিকাৰ যুগলচন্দ্ৰ দেৱ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা গ্ৰন্থ উন্মোচনী সভাত বিৰিখ প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা কবিতা বৰা কলিতাৰ নিৰ্বাচিত গ্ৰন্থ “মাণিক আৰু অন্যান্য” উন্মোচন কৰে নগাঁও জিলা সাহিত্য সভাৰ সভাপতি পৰাণ কুমাৰ বৰুৱাই। গ্ৰন্থ উন্মোচন কৰি দিয়া ভাষণত পৰাণ কুমাৰ বৰুৱাই কয়, কবিতা বৰা কলিতাই প্ৰকাশ কৰি উলিওৱা গল্প সমূহৰ পৃষ্ঠভূমি অতি সুন্দৰ। কবিতা বৰা কলিতাৰ কল্পনা শক্তি গল্পৰ চৰিত্ৰবোৰৰ মাজেৰে প্ৰকাশ পাইছে। এইগৰাকী গল্পকাৰৰ গল্পবোৰ আধুনিক গল্পকাৰ সকলতকৈ কোনো গুণে কম নহয় যদিও প্ৰতিষ্ঠিত আলোচনী আৰু বাতৰি কাকত সমূহত প্ৰচাৰ নকৰাৰ বাবে এইগৰাকী গল্পকাৰ প্ৰচাৰ বিমুখ হৈ আছে বুলি মন্তব্য কৰে পৰাণ কুমাৰ বৰুৱাই। বিশিষ্ট কবি বসন্ত কৌশিক ভাগৱতীয়ে আঁট ধৰা সভাত আন এগৰাকী বিশিষ্ট অতিথি সমালোচক, কবি তথা নগাঁও অনাতাঁৰ কেন্দ্ৰৰ ঘোষক চিদানন্দ দেৱ গোস্বামীয়ে কবিতা বৰা কলিতাৰ উন্মোচিত গ্ৰন্থখনৰ ওপৰত মূল্যায়ন কৰি ভাষণ আগবঢ়ায়। ভাষণ প্ৰসংগত তেওঁ কয় এইগৰাকী গল্পকাৰৰ গল্পসমূহত সৰল প্ৰকাশভংগীয়ে সাৱলীল কৰি তুলিছে। অতি কম পৰিসৰৰ ভিতৰত গল্পসমূহ সামৰি পেলাইছে আৰু গল্প সমূহৰ ভাৱ প্ৰকাশত সফল হৈছে বুলি মন্তব্য কৰে। ইফালে, গ্ৰন্থখনৰ লেখিকা কবিতা বৰা কলিতাই তেওঁৰ ভাষণত বিভিন্ন সময়ত সাহিত্য চৰ্চাৰ ক্ষেত্ৰত হোৱা অভিজ্ঞতা আৰু তেওঁক এইক্ষেত্ৰত আগবঢ়াই নিয়াসকলক স্মৰণ কৰে। পুৰণিগুদামৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থকা গ্ৰন্থ উন্মোচনী সভাতেই বহু কেইগৰাকী পাঠকে উন্মোচিত গ্ৰন্থখন ক্ৰয় কৰি লেখিকাগৰাকীক উৎসাহিত কৰা দেখা যায়।