অসম

পুৰণিগুদামত শৰীৰৰ চৰ্চা কেন্দ্ৰ মুকলি

সংবাদদাতা, পুৰণিগুদাম:- সম্প্ৰতি প্ৰতিগৰাকী লোকৰে খাদ্যৰ বাবেই হওক, কিম্বা পৰিশ্ৰমহীনতাৰ বাবেই হওক দৈহিক গঠনকে ধৰি শৰীৰত ভিন্ন বেমাৰ-আজাৰে দেখা দিছে৷ তেনে সময়তে দেখা পোৱা গৈছে একাংশ লোকে সু-স্বাস্থ্যৰ স্বাৰ্থত শাৰীৰিক ব্যায়ামৰ প্ৰতি আকৃষ্ট হৈছে আৰু শৰীৰ চৰ্চা কেন্দ্ৰ অৰ্থাৎ জিমলৈ যোৱা আৰম্ভ কৰিছে৷ নগাঁও জিলাৰ পুৰণিগুদামস্থিত

বাপুজী ভৱন আৰু পুথিভঁৰালৰ নৱনিৰ্মিত ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰৰ মহলাত আজি স্থানীয় লোকৰ স্বাৰ্থত ডি, জে ফিটনেচ নামৰে শৰীৰৰ চৰ্চা কেন্দ্ৰ এটা মুকলি কৰা হয়৷ এই শৰীৰ চৰ্চা কেন্দ্ৰটো মুকলি কৰে পুৰণিগুদাম বাপুজী ভৱন আৰু পুথিভঁৰালৰ সভাপতি পুলিন হাজৰিকাই৷ ক’ভিড প্ৰটকল মানি অনুষ্ঠিত হোৱা উদ্বোধনী অনুষ্ঠানত পুলিন হাজৰিকাই

এজনে দিনত একঘণ্টা হ’লেও শৰীৰৰ চৰ্চা কৰিব লাগে৷ যিয়ে আমাৰ শৰীৰ আৰু মন সুস্থ কৰি ৰখাত সহায় কৰে বুলি বক্তব্য আগবঢ়াই৷ পুৰণিগুদাম কঢ়ালীগাঁৱৰ যুৱক দিব্য জ্যোতি শইকীয়া আৰু হাতীগাঁও বৰাচুকৰ সত্যজিৎ বৰা তত্ত্বাৱধানত যুৱক-যুৱতী উভয়ৰে বাবে অত্যাধুনিক সা সুবিধাযুক্ত শৰীৰ চৰ্চা কেন্দ্ৰই ডেকা শক্তিক সু-স্বাস্থ্য ৰক্ষাত সহায় কৰিব বুলি আশাবাদী৷

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: