অসম

পুৰণিগুদামৰ শিল্পী পাৰ্থ প্ৰতিম বৰুৱাৰ বিপিন ৰাৱটৰ প্ৰতিমূৰ্তি নিৰ্মাণ

সংবাদদাতা, পুৰণিগুদাম:- তামিলনাডুৰ নীলগিৰিত সংঘটিত ভয়ংকৰ হেলিকপ্তাৰ দুৰ্ঘটনাৰ ফলত আমাৰ মাজৰ পৰা অকালতে হেৰাই গ’ল দেশমাতৃৰ এজন সুযোগ্য সন্তান তথা দেশৰ সশস্ত্ৰ বাহিনীৰ প্ৰতিৰক্ষা প্ৰধান বিপিন ৰাৱট। এই বীৰ নায়ক গৰাকীৰ আকস্মিক মৃত্যুত শোক বিহ্বল হৈ পৰিছে সমগ্ৰ দেশ। ৰাষ্ট্ৰীয় মৰ্য্যদাৰে প্ৰয়াত মহানায়ক গৰাকীৰ নশ্বৰ দেহ শুক্ৰবাৰে দিল্লীত শেষকৃত্য সম্পন্ন কৰা হ’ল যদিও দেশৰ বিভিন্ন স্থানত এতিয়া বিভিন্ন ব্যতিক্ৰমী পন্থাৰে বহুজনে গৰাকীক জনাইছে শেষ বিদায় তথা অন্তিম শ্ৰদ্ধাঞ্জলি। নগাঁও জিলাৰ পুৰণিগুদামৰ ভাস্কৰ্য্য শিল্পী পাৰ্থপ্ৰতিম বৰুৱাই ব্যতিক্ৰমী ধৰণেৰে মহানায়ক গৰাকীলৈ অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলি আগবঢ়াই। শিল্পী গৰাকীয়ে এটা নিশাৰ ভিতৰত কেঁচা মাটিৰে নিৰ্মাণ কৰি উলিয়ালে প্ৰয়াত বিপিন ৰাৱটৰ এটি প্ৰতীকিচিহ্ন। ভাৰতৰ মানচিত্ৰৰ আকাৰৰ ওপৰত বিপিন ৰাৱটৰ মুখাবয়ব সাঁজি শিল্পী গৰাকীয়ে এগছি বন্তি প্ৰজ্বলন কৰাৰ লগতে কণমানি জীয়ৰীৰ সৈতে একাঁজলি পুষ্পাঞ্জলি অৰ্পণ কৰি মহানায়ক গৰাকীক সোঁৱৰি শোক প্ৰকাশ কৰে। ইফালে প্ৰতিকৃচিহ্নটিৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছত অসমৰ মুখ্যমন্ত্ৰী গৰাকীৰ জৰিয়তে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীক অৰ্পণ কৰাৰ চেষ্টা কৰিব বুলি ভাস্কৰ্য্য শিল্পী পাৰ্থপ্ৰতিম বৰুৱায়ে জানিবলৈ দিয়ে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: