অসম

পূজা মণ্ডপত ধঁপাত বিৰোধী সজাগতা

সংবাদদাতা, বাহনা:- শাৰদীয় দুৰ্গা পুজা উপলক্ষে যোৰহাটৰ আগশাৰীৰ বেচৰকাৰী সংস্থা ‘ৰুদ্ৰাক্ষী এটি নাম সহায়’ৰ তৰফৰ পৰা আৰু জিলা ধঁপাত নিয়ন্ত্ৰণ কোষৰ উদ্যোগত ধঁপাতমুক্ত, যক্ষ্মামুক্ত পূজা মণ্ডপ গঢ়ি তুলিবলৈ সমূহ ৰাইজক অনুৰোধ জনাই সজাগতামূলক বেনাৰ, পোষ্টাৰ লগোৱা হয়। এই সজাগতামূলক কায্যাসূচীত স্বেচ্ছাসেৱী অনুষ্ঠান ৰূদ্ৰাক্ষীৰ বিষয় ববীয়া সকলে যোৰহাট মহানগৰৰ মাজমজিয়াৰ পূজা মণ্ডপ সমূহত উদ্যোক্তাসকলৰ সহযোগত এই কাৰ্য সম্পন্ন কৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: