অসম

পেলনীয়া সামগ্ৰীক নতুন ৰূপ দি পঢ়াৰ খৰচ উলিয়াইছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ এগৰাকী ছাত্ৰীয়ে

ন-ৰূপ দি সৃষ্টি কৰা সামগ্ৰী বিক্ৰী কৰে অনলাইনযোগে; ক’ভিডৰ বাবে বিশ্ববিদ্যালয়ৰ পাঠদান বন্ধ থকাৰ বাবে নতুন নতুন সৃষ্টিত মনোনিৱেশ কৰিছে জয়শ্ৰীয়ে

সংবাদদাতা, বিশ্বনাথ:- আগ্ৰহ আৰু সৃষ্টিশীল মনৰ অধিকাৰী হ’লে পেলনীয়া সামগ্ৰীকো যে নতুন ৰূপ দিব পাৰি সেই কথা প্ৰমাণ কৰি দেখুৱালে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অধ্যয়নৰত এগৰাকী যুৱতীয়ে। পেলনীয়া সামগ্ৰীৰে যুৱতী গৰাকীয়ে সাজি উলিয়াইছে সুন্দৰ সুন্দৰ সামগ্ৰী। কণীৰ বাকলি, নাৰিকলৰ কুৰুকা, বাতৰি কাকত, ইত্যাদিৰে সাজিছে ঘৰত সজোৱা বহু সামগ্ৰী।

যুৱতীসকল আকৰ্ষিত হোৱাকৈ নিজ হাতেৰে সাজি উলিয়াইছে ৰং বিৰঙী কানফুলি। বিশ্বনাথ চাৰিআলিৰ নবজাৰৰ এগৰাকী প্ৰতিভৱান যুৱতী জয়শ্ৰী ভূঞাই আৰ্থিক অসুবিধাৰ বাবেই নিজ হাতে সাজি উলিওৱা কানফুলি অনলাইন যোগে বিক্ৰী কৰি নিজৰ খৰচ উলিয়াই আহিছে বিগত কিছু বছৰ ধৰি। জয়শ্ৰীয়ে নিজ হাতে নাৰিকলৰ কুৰুকা আৰু বাতৰি কাকতৰে সাজি উলিওৱা শিৱ লিংগই ইতিমধ্যে চৰ্চা লাভ কৰিছে ছচিয়েল মিডিয়াত।

নিজ হাতে সাজি উলিয়াইছে জাতীয় পতাকা, চাইকেল, শিৱ লিংগ, কানফুলি, ঘৰ, কাপ-প্লেট, ফুলদানি, ইত্যাদি। ডাষ্টবিনৰ পাত্ৰ হোৱা অলাগতিয়াল সামগ্ৰীক জয়শ্ৰীয়ে এনেদৰেই দিছে ন-ৰূপ। ৰাস্তাত পৰি থকা শিলগুটি বুটলি আনি জয়শ্ৰীয়ে ৰং তুলিকাৰে জীপাল কৰিছে বিভিন্ন ছবি। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ ছাত্ৰী জয়শ্ৰীয়ে এনেদৰেই পেলনীয়া সামগ্ৰীৰে সুন্দৰ সুন্দৰ বস্তু বনাই বিক্ৰি কৰি নিজৰ পঢ়াৰ

খৰচ উলিয়াই স্নাতক শিক্ষা ইতিমধ্যে সম্পূৰ্ণ কৰিলে। লকডাউনৰ বাবে বিশ্ববিদ্যালয়ৰ পাঠদান বন্ধ হৈ থকাৰ বাবে জয়শ্ৰীয়ে এতিয়া নতুন নতুন সৃষ্টিত মনোনিবেশ কৰিবলৈ সময় লাভ কৰিছে। আৰ্থিকভাৱে দুৰ্বল জয়শ্ৰীয়ে এনেদৰেই সামগ্ৰী তৈয়াৰ কৰি বিশ্ববিদ্যালয়ত পঢ়াৰ খৰচ যোগাৰ কৰিবলৈ চেষ্টা কৰিছে। পেলনীয়া সামগ্ৰীৰে নিজৰ সৃষ্টিশীল মনক প্ৰতিফলিত কৰা জয়শ্ৰীৰ কৰ্মৰাজিক সকলোৱে প্ৰশংসা কৰিছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: