অসম

প্ৰচুৰ সম্ভাৱনা থকাৰ পিছতো আজিও অৱহেলিত জাঁজীমুখ ; নিৰ্বাচনত দিয়া আশ্বাস পাহৰিলে জনপ্ৰতিনিধিয়ে

সংবাদদাতা, পূৱ যোৰহাট:- যোৰহাট জিলাৰ ১০২ নং টীয়ক বিধানসভা সমষ্টিৰ অন্তৰ্গত অসমৰ গ্ৰাম্য অৰ্থনীতিক তৰাম্বিত কৰিব পৰা প্ৰচুৰ সম্ভাৱনাময় এটা অঞ্চল হৈছে জাঁজীমুখ। কিন্তু স্বাধীনতাৰ ৭৪ বছৰৰ পাছতো জাঁজীমুখবাসীক আজিও শাসনলৈ প্ৰতিখন চৰকাৰেই কৰি আহিছে চৰম প্ৰতাৰণা। বানাক্ৰান্ত অঞ্চলটোত ১৯৫০ চনৰ বৰভূমিকম্পৰ পিছৰ পৰা ব্ৰহ্মপুত্ৰ আৰু জাঁজী নদীৰ খহনীয়াত ভূ-খণ্ড সংকুচিত হৈ বহু পৰিয়াল আজিও মথাউৰিৰ ওপৰতে বসবাস কৰি সংকটময় জীৱন অতিবাহিত কৰিছে। অথচ কোনো এখন চৰকাৰে খহনীয়া প্ৰতিৰোধৰ বাবে ফলপ্ৰসূ আঁচনি গ্ৰহণ কৰা নাই। বিভাগীয় কৰ্তৃপক্ষই ৰাইজৰ মুখ বন্ধ কৰিবৰ বাবে খহনীয়া ৰোধৰ নামত লক্ষ লক্ষ টকাৰ আঁচনি প্ৰস্তুত কৰে যদিও জলসম্পদ বিভাগৰ বিষয়া কৰ্মচাৰী, ঠিকাদাৰ মিলি চৰকাৰী পুঁজিৰ শৰাধ পতাৰহে অভিযোগ উত্থাপিত হৈছে। ইফালে জাঁজীমুখৰ ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক দৃশ্যই বহুতকে আকৰ্ষিত কৰি আহিছে। তদুপৰি শীতৰ আগমনৰ লগে লগে ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বীকৃতিপ্ৰাপ্ত মিছামাৰী জলাশয়কে ধৰি সৰু বৰ প্ৰায় ২০/২২টা জলাশয়লৈ আগমন ঘটা দেশী-বিদেশী পৰিভ্ৰমী পখীৰ উপস্থিতিয়ে আকৰ্ষণ কৰে প্ৰকৃতি প্ৰেমী সকলক। প্ৰকৃতিৰ নিয়ম অনুসৰি এই বছৰো দেশী বিদেশী অগণন পক্ষীয়ে ইয়াৰ সৌন্দৰ্য্য অক্ষুণ্ণ ৰাখিছে। আজিও জাঁজীমুখৰ দুগ্ধ, মৎস্যই জিলাখনৰ লগতে দাঁতিকাষৰীয়া জিলা সমূহতো চাহিদা পূৰণত সহায় কৰি আহিছে। প্ৰকৃতিয়ে জাঁজীমুখক দিয়া অনন্য সমাহাৰৰ বিপৰীতে কিন্তু চৰকাৰ তথা জনপ্ৰতিনিধিৰ অমনোযোগিতাৰ বাবে প্ৰচুৰ সম্ভাৱনা থকা সত্ত্বেও আজিও অৱহেলিত জাঁজীমুখ। যাতায়তৰ দুৰৱস্থা, বান আৰু গৰাখহনীয়াৰ তাণ্ডৱৰ উপৰিও প্ৰতি বছৰে পকা ধানৰ সময়ত বনৰীয়া হাতীৰ উপদ্ৰৱ, বিশুদ্ধ খোৱা পানীৰ অভাৱ, উন্নত চিকিৎসা ব্যৱস্থাৰ অভাৱ, আদি এশ এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত জাঁজীমুখৰ সমস্যা সমূহ সমাধানৰ ক্ষেত্ৰত কোনো এটা ৰাজনৈতিক দলৰ সদিচ্ছাৰ অভাৱ দেখা গৈছে। বান গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে চৰকাৰে আজি পৰ্যন্ত ব্যৱস্থা গ্ৰহণ নকৰিলে। স্বাধীনতাৰ সুদীৰ্ঘ দিনৰ পাছতো বহিঃ জগতৰ লগত যাতায়ত সুচল নহল জাঁজীমুখৰ জপং গাঁও তিনিঘৰীয়া, বৰমথাউৰি, শগুণপাৰা আদিকে ধৰি প্ৰায় আঠ/নখন গাঁৱৰ ৰাইজৰ। এই সকল গাঁওবাসীয়ে জাঁজী নদী আৰু ব্ৰহ্মপুত্ৰৰ মোহনা অঞ্চলত টুলুঙা নাঁৱৰে ইপাৰ-সিঁপাৰ হ’ব লগা হয়। জাঁজীমুখৰ এই সমস্যা সমূহৰ সমাধান ক্ষেত্ৰত পৰিবৰ্তনৰ ঢাক ঢোল বজাই গাদী দখল কৰা চৰকাৰখনে জাঁজীমুখবাসীৰ হা-হুমূনিয়াহ বুজি পাব বুলি আশা কৰিছিল যদিও সেয়া যেন পৰ্বতত কাছৰ কণী বিচৰাৰ দৰে হৈছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: