অসম

প্ৰদূষণ ৰোধৰ উন্নত মাধ্যম হ’ব ইলেকট্ৰিক বাহন

সংবাদদাতা, বাহনা:- বৰ্তমান কেন্দ্ৰীয় চৰকাৰখনে ইন্ধনজাত সামগ্ৰী পেট্ৰ’ল, ডিজেল ব্যৱহাৰৰ বিপৰীতে বিকল্প ইন্ধন প্ৰয়োগৰ বিভিন্ন পদক্ষেপ লোৱা সামান্তৰালকৈ ৪ জানুৱাৰী তাৰিখে যোৰহাট ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত হোটেল জিৰণিত ইলেকট্ৰিক বাহন চাৰ্জিং ষ্টেচন এটা মুকলি কৰে। যোৰহাটৰ বিশিষ্ট সমাজকৰ্মী তথা অসম উদ্যোগিক উন্নয়ন নিগমৰ অধ্যক্ষ শান্তনু পূজাৰীয়ে অসমত প্ৰথমটো যাত্ৰীবাহি বাহনৰ বাবে উপলব্ধ চাৰ্জিং ষ্টেচনটো আনুষ্ঠানিক ভাৱে মুকলি কৰে। অধ্যক্ষ গৰাকীয়ে উদ্বোধনী ভাষণত উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহবানৰ প্ৰতি সম্মান জনাই বৰ্তমানে অসম চৰকাৰেও বিকল্প ইন্ধৰ বাবে আঁচনি গ্ৰহণ কৰিছে। সভাত উপস্থিত থাকি অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য বাণিজ্যিক প্ৰবন্ধক মুৰুলী বৰাই উল্লেখ কৰে যে ইতিমধ্যে অসম চৰকাৰে গুৱাহাটীত ইলেকট্ৰীক বাছ সেৱা প্ৰচলন কৰিছে। তেখেতে আৰু উল্লেখ কৰে যে ৰাজ্যচৰকাৰে আৰু দুশখন ইলেকট্ৰীক বাছ গুৱাহাটীত চলাছলৰ বাবে ব্যৱস্থা কৰিছে। তেখেতে আৰু উল্লেখ কৰে যে গুৱাহাটীৰ উপৰিও তেজপুৰতো আতি সোনকালে এনে চাৰ্জিং ষ্টেচন হ’ব। উক্ত অনুষ্ঠানত জুৱেল পইণ্ট নামৰ হায়দৰাবদৰ প্ৰতিষ্ঠানৰ মুখ্য কায্যবাহী বিষয়া ৰাজেশ খানখাগিৰি, এম জি মটৰ্চৰ ছেলছ মেনেজাৰ দেৱষী নাথ, জিৰণিৰ স্বত্বাধিকাৰ ৰাজেন দত্ত জিতা দত্ত। সাংবাদিক মৃদুল হাজৰিকাই পৰিচালনা কৰা অনুষ্ঠানত, সাংবাদিক যোগেশ ওজা, দিগন্ত বুঢ়াগোহাঁই প্ৰমুখ্যে বহু কেইজন বিশিষ্ট লোকে অংশগ্ৰহণ কৰে। উল্লেখ্য যে এখন বাহনত ইলেকট্ৰীক চাৰ্জ কৰিবলৈ অধিক ডেৰঘণ্টা সময়ৰ প্ৰয়োজন হয় বুলি জানিবলৈ দিয়ে। ইতিমধ্যে অসমত কোম্পানীটোৱে ১৬টা এনে চাৰ্জিং ষ্টেচন স্থাপন কৰিবলৈ কায্যকৰী ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও অৱগত কৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: