অসম

প্ৰধানমন্ত্ৰী নিশ্চিত নিয়োগ আঁচনিৰ ওপৰত সজাগতা সভা

সংবাদদাতা, কলগাছিয়া:- খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ সৌজন্যত আৰু ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত এন জি অ জনীয়া আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদৰ উদ্যোগত যোৱা ১১ ডিচেম্বৰত পৰিষদৰ সভাকক্ষত প্ৰধানমন্ত্ৰী নিশ্চিত নিয়োগ আঁচনিৰ ওপৰত সজাগতা সভা অনুষ্ঠিত হয়। এন জি অৰ সম্পাদক আব্দুল মালিকে আঁত ধৰা সভাত সজাগতা সভা উদ্বোধন কৰে কে ভি আই চিৰ উপ চি ই অ সুকুমল দেৱে। উদ্বোধনী ভাষণত তেওঁ কয় যে বহুতো ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ী য়ে ডাঙৰ ডাঙৰ কাম কৰি আছে বুলি কৈ তেখেতে কৰ্ম সংস্কৃতি গঢ়ি তোলাৰ পোষকতা কৰে। সভাত ডি আই চি চিৰ সম্প্ৰসাৰণ বিষয়া ৰাধিকা মোহন দাস। খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ সহকাৰী সঞ্চালক এচ এন আস্থানা, জনীয়া এফ এ এ এম কলেজৰ অধ্যক্ষ ছানোৱাৰ ৰহমান, জনীয়া বজাৰৰ সফল ব্যৱসায়ী ছাহজাহান আলী, জনীয়া প্ৰেছ ক্লাৱৰ সভাপতি মইনুল হক চৌধুৰী, সম্পাদক আবুল হুছেইন উপস্থিত থাকে। উল্লেখ্য যে যোৱা ২৬ আগষ্টৰ পৰা ১৪ ছেপ্টেম্বৰলৈ কাঠমিস্ত্ৰী প্ৰশিক্ষণ সমাপ্ত কৰা ২০ গৰাকী কাঠমিস্ত্ৰীক নিপুণ সামগ্ৰী বনোৱা মেচিন আৰু প্ৰমাণ পত্ৰ বিতৰণ কৰা হয়।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: