অসম

প্ৰাচীন চিত্ৰ শৈলীৰে “নৃসিংহ যাত্ৰা” ভাওনাৰ চিত্ৰ অংকণ কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত কৰিলে শিৱসাগৰৰ জীয়ৰী নিমিশা কাকতিয়ে

সংবাদদাতা, শিৱসাগৰ:- শিৱসাগৰ জিলাৰ শুকান পুখুৰীৰ নিবাসী ধ্ৰুৱজ্যোতি কাকতি আৰু ৰূপজ্যোতি কাকতিৰ কন্যা শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ চতুৰ্থ ষান্মাষিকৰ ছাত্ৰী নিমিশা কাকতিয়ে প্ৰাকৃতিক ৰঙেৰে  অসমীয়া ভাওনা “নৃসিংহ যাত্ৰা” অংকন কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে। তাহানিৰ অসমীয়া পুৰণি চিত্ৰশৈলীৰে যেনেকৈ সাঁচি পাতৰ বিভিন্ন পুথি সমূহত চিত্ৰ অংকন কৰা হৈছিল,

সেই চিত্ৰ শৈলীৰ সৰুগত কৰি নিমিশা কাকতিয়ে অসমীয়া “নৃসিংহ যাত্ৰা” ভাওনা ভাগ প্ৰস্তুত কৰে। ভাওনাৰ চিত্ৰ নিমিশাই প্ৰস্তত কৰিছে কাগজত অংকন কৰি, য’ত সম্পূৰ্ণ পুৰণি চিত্ৰশৈলীৰ আৰ্হি ব্যৱহাৰ কৰা হৈছে আৰু ভাওনাখনৰ প্ৰত্যেকটো দৃশ্য অংকন কৰা হৈছে গায়ন-বায়নৰ প্ৰৱেশ, সূত্ৰধাৰৰ প্ৰৱেশৰ পৰা ভাওনাৰ শেষ মুহূৰ্তলৈকেে। উল্লেখনীয় যে, অংকণত ব্যৱহাৰ কৰা ৰং সমূহ কৃত্ৰিম ৰঙৰ বিপৰীতে যি সমূহ ৰঙেৰে চিত্ৰ সমূহ অংকন কৰা হৈছে সেই সমূহ  হালধীৰ পৰা- হালধী ৰং, চাকি ভাপৰ পৰা- কলা ৰং,

সেন্দূৰৰ পৰা- ৰঙা ৰং,বিলাহী পাতৰ পৰা- সেউজীয়া ৰং, Purple Knight নামৰ গছৰ পাতৰ পৰা- মটিয়া ৰং,অপৰাজিতা ফুলৰ পৰা- নীলা ৰং, পুৰৈ শাকৰ গুটিৰ পৰা- বেঙুনীয়া ৰং, ৰঙা আৰু হালধীয়া মিহলাই- সুমথিৰা ৰং প্ৰস্তুত কৰিছে নিমিশাই ৷ “নৃসিংহ যাত্ৰা” ভাওনা ভাগিত ৭৩ টা দৃশ্যত বিভক্ত হৈছে আৰু ৩১ টা চৰিত্ৰ আছ৷ য’ত ভগৱান  বিষ্ণুৰ বৰাহ আৰু নৃসিংহ অৱতাৰ উল্লেখ কৰা হৈছে৷ সম্পূৰ্ণ ভাওনাখনৰ চিত্ৰৰূপৰ দৈৰ্ঘ্য ৫৪.১০ ফুট আৰু প্ৰত্যেকখন ফলকৰ দৈৰ্ঘ্য ৯ ইঞ্চি আৰু প্ৰস্থ ৬ ইঞ্চি।

যোৱা ২১ মে’ৰ পৰা ৩০ মে’লৈ সম্পূৰ্ণ ১০ দিনৰ ভিতৰত উক্ত ভাওনা ভাগি চিত্ৰৰ যোগেদি অংকন কৰি উলিয়াইছে নিমিশাই ৷ বৰ্তমানৰ যি পুৰণি চিত্ৰকলাৰ ধাৰণা মানুহৰ মনৰ পৰা লুপ্তপ্ৰায় হ’বলৈ ধৰিছে তেনে সময়তে এনেধৰনৰ প্ৰাচীন চিত্ৰকলাই অসমীয়া ভাষাত অভিনীত ভাওনা ভাগিক আন ভাষা-ভাষি লোকৰ মাজতো চিত্ৰকলাৰ জড়িয়তে বুজাত সহায়ক হ’ব বুলি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডৰ বঁটা লাভ কৰি  নিমিশাই নিজৰ অনুভৱ ব্যক্ত কৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: