সময়ৰ কলম

প্ৰাপ্তি-অপ্ৰাপ্তিৰ বিদায় ক্ষণত ২০২১

ৰাহুলজ্যোতি বৰা

বিদায় ২০২১, চাওঁতে চাওঁতে শেষ এটা বছৰ। সকলো বস্তুৰে, সকলো কথাৰে শেষ থাকে আৰু তাৰ পিছতেই আকৌ আহে নতুন। নতুনত্বৰে ভৰি পৰে পুৰণিয়ে খালী কৰা ঠাই। নানা বাধা-বিঘিনি, অপায়-অমঙ্গল, সুখ-দুখ, হাঁহি-কান্দোনৰ মাজেৰে শেষ হ’বলৈ ওলাইছে ২০২১বৰ্ষ। ২০২১ বৰ্ষটো সমগ্ৰ বিশ্ববাসীৰ বাবে কৰুণ অভিশাপস্বৰূপ সময় আছিল। হয়তো পাহৰিব বিচাৰিলেও পাহৰিব নোৱাৰিব এই কালিকালগা বৰ্ষটো। কাল ক’ৰণাৰ ২য় ঢৌৰ বাবে গোটেই দেশবাসী লকডাউনৰ বাবে ঘৰতে আৱদ্ধ হৈ থাকিবলগীয়া হৈছিল। এই সময়ছোৱাত বিশ্বৰ অৰ্থনীতি লৈ নামি আহে ভয়াৱহ অস্থিৰতা। উৎপাদন ক্ষেত্ৰসমূহত ক’ভিড-১৯য়ে কঢ়িয়াই অনা সংকটৰ বাবে বিশ্বৰ প্ৰান্তে প্ৰান্তে ক’ভিড-১৯ ৰ ভয়াবহ সংহাৰী ৰূপে গা কৰি উঠা বাবে ক্ষুদ্ৰ তথা মজলীয়া বাণিজ্যিক প্ৰতিষ্ঠানসমূহ বন্ধ হৈ পৰে। যাৰ ফলত প্ৰতিষ্ঠানসমূহত কৰ্মৰত হাজাৰ হাজাৰ শ্ৰমিক বনুৱা কৰ্মহীন হৈ পৰে। কৰ্মবিহীন হাজাৰ হাজাৰ পৰিয়ালে অনাহাৰে, অনিদ্ৰাৰে দিন পাৰ কৰিবলগীয়া হোৱাত বহু পৰিয়ালৰ সদস্যই প্ৰাণ হেৰুৱাব লগীয়া হ’ল। ক’ৰণাই কঢ়িয়াই অনা সংকটৰ বাবে দেশত দুৰ্ভিক্ষৰ সৃষ্টি হ’ল, হাজাৰ হাজাৰ শিশু পিতৃ-মাতৃহীন হ’ল, ক’তজনৰ কপালৰ ৰঙীন ৰং শুকা হৈ পৰিল। “আস: কিমান যে বেদনাদায়ক সময়।”


নিৰ্মম, নিষ্ঠুৰ, দুখজনক, হৃদয়বিদাৰক বৰ্ষটোৰ মাজভাগৰ পৰা বছৰৰ শেষ সময়ছোৱালৈ ক’ভিড-১৯ ভেকচিনৰ টিকাকৰণে সমগ্ৰ দেশবাসীৰ লগতে আমাৰ দেশতো ক’ভিড- ১৯ৰ প্ৰাদুৰ্ভাৱ কিছু সাম-কটা দেখা যায়। যদিও অমিক্ৰণ নামৰ আন এক ভয়াবহ ভাইৰাছে সমগ্ৰ দেশকে চিন্তিত কৰি পেলাইছে। তথাপিও নতুন বৰ্ষৰ আগমনৰ লগে লগে ক’ভিড-১৯ৰ লগতে অমিক্ৰণ নামৰ সংহাৰী ৰূপ ধাৰণ কৰা ভাইৰাছ বিধ নিঃচিহ্ন হৈ দেশবাসীক ভাইৰাছ মুক্ত কৰিব বুলি আশা কৰোঁ। ক’ভিড-১৯ মহামাৰীৰ ২য় ঢৌৰ সময়ছোৱাত অৰ্থনীতিৰ লগতে শিক্ষাখণ্ডতো যথেষ্ট প্ৰভাৱ পৰা দেখা যায়। এই ২০২১ সম্পূৰ্ণ শিক্ষাবৰ্ষটো খেলি-মেলিৰ মাজেৰে পাৰ কৰিলে ছাত্ৰ-ছাত্ৰী সকলে। ছাত্ৰ-ছাত্ৰী সকলে পূৰ্বতে নেদেখা-নোপোৱা এক পৰিস্থিতিৰ সন্মুখীন হ’ব লগা হ’ল। শিক্ষাৰ্থীয়ে ঘৰতে বহি অনলাইন মাধ্যমেৰে ক্লাছ কৰিবলগীয়া হ’ল। স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলে তথ্য-প্ৰযুক্তিৰ ব্যৱহাৰ অতি সহজে বুজিবলৈ এক সুযোগ লাভ কৰিলে। অনলাইন ক্লাছৰ উপৰিও এই বৰ্ষটোৰ শেষৰফালে শিক্ষাৰ্থী সকলে পুনৰ বিদ্যালয়ৰ শ্ৰেণীকোঠাত এদিন এৰি এদিনকৈ পাঠদান কৰাৰ ব্যৱস্থা কৰা হ’ল। আশা কৰোঁ আগন্তুক ২০২২ বৰ্ষৰ জানুৱাৰীৰ পৰা সম্পূৰ্ণ খোলা হ’ব শিক্ষানুষ্ঠানসমূহ। উল্লেখযোগ্য মহামাৰীৰ দুঃসময়ৰ মাজতে ২০২১ বৰ্ষৰ ডিচেম্বৰ মাহত সমগ্ৰদেশবাসীৰ লগতে অসমীয়া জাতিক গৌৰাৱান্বিত কৰি “কাব্য ঋষি” তথা গোলাপী জামুৰ লগ্ন’ৰ কবি নীলমণি ফুকনদেৱে ২০২০ বৰ্ষৰ সাহিত্যৰ সৰ্বোচ্চ বঁটা “জ্ঞানপীঠ বঁটা” লাভ কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিলে। এই জ্ঞানপীঠ বঁটাই অসমীয়া সাহিত্যৰ ভঁৰাল আৰু অধিক চহকী কৰিলে। ক’ভিড-১৯ ভাইৰাছৰ সংহাৰী ৰূপ, অমিক্ৰণৰ প্ৰাদুৰ্ভাৱ, অৰ্থনীতিৰ মন্দাৱস্থা, শিক্ষাৰ ক্ষেত্ৰত ক’ভিড-১৯ মহামাৰীৰ প্ৰভাৱ, ক্ষুদ্ৰ তথা মজলীয়া বাণিজ্যিক উদ্যোগসমূহৰ ক্ষতিসাধনেৰে পাৰ হৈ যাব লৈছে বহু প্ৰত্যাহ্বানেৰে ভৰা ২০২১ বৰ্ষ। এই বৰ্ষটোত নানা আশা, আকাংক্ষা, পৰিকল্পনা আগত লৈ দেশবাসীয়ে নানা সপোন দেখিছিল। কিন্তু কাল কৰ’নাৰ মহামাৰীৰ বিধ্বংসী ৰূপে সকলোৰে সপোন বাস্তৱত পৰিণত কৰিবলৈ ব্যৰ্থ কৰিলে। বহুজনে আপোনসকলক হেৰুৱাই দুখ কষ্টেৰে জীৱন সংগ্ৰামৰ যুঁজত অবিৰতভাৱে যুঁজ কৰি যাবলগীয়া হ’ল। তথাপিও এক আশা, এক নতুন প্ৰভাতৰ আৰম্ভণিৰে সকলোৱে ২০২২ বৰ্ষটোক অতি হেঁপাহেৰে আদৰণি জনাবলৈ সাজু হৈছে। এই বৰ্ষটোৱে যেন সকলোৰে সপোন বাস্তৱ ৰূপত পৰিণত কৰাত সহায়ক হিচাপে থিয় দিয়ে, ভাতৃত্বৰ এনাজৰী সুদৃঢ় কৰি এই বৰ্ষটোৱে যেন সমগ্ৰ দেশবাসীক শান্তি সমৃদ্ধিৰে উন্নতিৰ শিখৰত আৰোহণ কৰিবলৈ সহায়ক হিচাপে বটবৃক্ষ দৰে থিয় দিয়ে সেয়ে আমি আশাবাদী।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: