অসম

প্ৰেমহৰাত দৈয়াংপৰীয়া শাখা সাহিত্য সভাৰ “আকাশ” অনুষ্ঠান

সংবাদদাতা, ধনশিৰি:- দৈয়াংপৰীয়া শাখা সাহিত্য সভাৰ উদ্যোগত আৰু প্ৰেমহৰা পঞ্চায়তৰ অন্তৰ্গত গ্ৰাম্য সংগঠনৰ সহযোগত গাঁও পঞ্চায়তৰ গ্ৰাম্য সংগঠনৰ সভাগৃহত আজি দিনযোৰা কাৰ্যসূচীৰে “আকাশ” অনুষ্ঠানৰ আয়োজন কৰে। এই অনুষ্ঠানৰ আৰম্ভণিতে সকলো মহিলা লগ লাগি পঞ্চায়ত কাৰ্যালয়ৰ চৌহদ চাফা কৰে। পৰৱৰ্তী সময়ত বিশিষ্ট অতিথি সকলক গুৱাপান সম্বলিত শৰাই আৰু ধুপ দিপ জ্বলাই সন্মান সঁহকাৰে মঞ্চলৈ আদৰি আনে। আকাশ অনুষ্ঠানৰ উদ্বোধন কৰে দৈয়াংপৰীয়া শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি দণ্ডেশ্বৰ বৰাই। এই আকাশ অনুষ্ঠানৰ জৰিয়তে গ্ৰামাঞ্চলৰ মহিলাসকল পাকঘৰতে সীমাবদ্ধ নাৰাখি তেওঁলোকৰ প্ৰতিভা সমূহ বিকশিত কৰাৰ মহান উদ্দেশ্যৰে এখন মঞ্চ প্ৰদান কৰিছে। অনুষ্ঠানটিত প্ৰেমহৰা অঞ্চলৰ বহুসংখ্যক মহিলাই দিহানাম, বৰগীত, বিয়ানাম গায় নিজ নিজ সুপ্ত প্ৰতিভা প্ৰদৰ্শিত কৰে। অনুষ্ঠানৰ শেষত প্ৰতিভা প্ৰদৰ্শন কৰা সকলো মহিলাকে একোখনকৈ প্ৰশংসা পত্ৰ প্ৰদান কৰে। এনেধৰণৰ অনুষ্ঠানে গ্ৰামাঞ্চলৰ মহিলাসকলক প্ৰতিভা বিকশিত কৰাৰ ক্ষেত্ৰত সুন্দৰ ভূমিকা গ্ৰহণ কৰে। অনুষ্ঠানটিত মহিলাসকলে অতি হেঁপাহেৰে আৰু দৃঢ়তাৰে সহায় সহযোগিতা আগবঢ়োৱাৰ লগতে অতি সুন্দৰভাৱে নিজৰ নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: