অসম

প্ৰেমিকাৰ সৈতে অন্তৰংগৰ ভিডিঅ’ ছচিয়েল মেডিয়াত ভাইৰেল কৰিলে প্ৰেমিকৰ বন্ধুৱে

সংবাদদাতা, লাহৰীঘাট:- “প্ৰেমত ঘূৰিছে ভূ-মণ্ডল প্ৰেমত ফুৰিছে শত দল।” প্ৰেম এক স্বৰ্গীয় অনুভূতি। এই প্ৰেমই কাৰোবাৰ জীৱনলৈ কঢ়িয়াই আনে আশাৰ বতৰা আকৌ এই প্ৰেমেই কাৰোবাৰ জীৱনলৈ নমাই আনে কাল অমানিশা। ঠিক এনে এক প্ৰেমৰ বাবেই ভূৰাগাঁৱৰ এগৰাকী ছাত্ৰীৰ জীৱনলৈ নামি আহিছে কাল অমানিশা। ঘটনাৰ বিৱৰণ অনুসৰি মৰিগাঁও জিলাৰ ভূৰাগাঁৱৰ এগৰাকী উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষত অধ্যয়নত ছাত্ৰীয়ে প্ৰেমিকৰ লগত যোৱা এক ফেব্ৰুৱাৰীত ব্ৰহ্মপুত্ৰ নৈৰ পাৰত ফুৰিবলৈ গৈছিল। প্ৰেমিকাৰ সৈতে কটোৱা অন্তৰংগ মুহূৰ্ত সমূহ প্ৰেমিক যুৱকজনে নিজৰ মবাইলত ৰেকৰ্ড কৰিছিল। তেনে সময়তে স্থানীয় দুজন যুৱক ক্ৰমে মফিদুল ইছলাম আৰু ফাইজুল তাত উপস্থিত হৈ যুৱতী গৰাকীক ধমকি দি সেই ঠাইৰ পৰা পঠিয়াই দি প্ৰেমিক যুৱকজনৰ মোবাইল ফোনটো কাঢ়ি লৈ ৰেকৰ্ড কৰা অন্তৰংগ মুহূৰ্তৰ ভিডিঅটো লৈ যায়। পৰবৰ্তী সময়ত মফিদুল ইছলাম আৰু ফাইজুল নামৰ ধুৰন্ধৰ যুৱক দুজনে যুৱতী গৰাকীক মাতি নি অসৎ কাৰ্যৰ প্ৰস্তাৱ দিয়ে। যুৱক দুজনৰ অসৎ প্ৰস্তাৱত কলেজীয়া ছাত্ৰী গৰাকীয়ে অমান্তি হোৱাত মফিদুল ইছলাম নামৰ লম্পট যুৱকজনে ছচিয়েল মেডিয়াত প্ৰেমিক-প্ৰেমিকাৰ অন্তৰংগ মুহূৰ্তৰ ভিডিঅটো ভাইৰেল কৰি দিয়ে ছচিয়েল মেডিয়াত। ভিডিঅ’টো মুহূৰ্ততে ভাইৰেল হৈ পৰে অঞ্চলটোৰ সকলোৰে মোবাইলে মোবাইলে। ভিডিঅটো ভাইৰেল হোৱাৰ লগে-লগে অঞ্চলজুৰি সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ। ভিডিঅটো ভাইৰেল হোৱাৰ পিছতে উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষত অধ্যয়নৰত ছাত্ৰী গৰাকীক বিদ্যালয়ৰ পৰা নিলম্বন কৰা বুলি জানিব পৰা গৈছে। ইপিনে যুৱতী গৰাকীৰ এনে ভিডিঅ’ ভাইৰেল হোৱাৰ খবৰে যুৱতী গৰাকীৰ পিতৃ-মাতৃয়ে আত্মহত্যা কৰিবলৈ চেষ্টা চলাইছিল বুলি ভূক্তভোগী যুৱতী গৰাকীয়ে জানিবলৈ দিয়ে। ছাত্ৰী গৰাকীয়ে লোক লজ্জাৰ লগতে হতাশাত ভাগি পৰিছে। উপায়ন্তৰ হৈ ছাত্ৰী গৰাকী অৱশেষত ন্যায় বিচাৰি ভূৰাগাঁও আৰক্ষীৰ কাষ চাপিছে। এতিয়া প্ৰশ্ন হয় যুৱতী গৰাকীক ব্লেক মিলিং কৰি শাৰীৰিক সম্পৰ্ক কৰাৰ চেষ্টাত ব্যৰ্থ হৈ প্ৰেমিক প্ৰেমিকাৰ অন্তৰংগ মুহূৰ্ত ছচিয়েল মেডিয়াত ভাইৰেল কৰা মফিদুল ইছলাম নামৰ লম্পটোৰ বিৰুদ্ধে ভূৰাগাঁও আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত হে লক্ষণীয় হ’ব।

Show More

Leave a Reply

Your email address will not be published.

Back to top button