প্ৰেমৰ কবিতা | Super 100

প্ৰেম এক অলিখিত আন্তৰিক চুক্তি, সাংস্কৃতিক বিনিময়৷ হৃদয়ৰ সৰ্বোত্তম মানৱিক অনুভৱ৷ ডাল লগাই প্ৰেম নহয়৷ কথাৰ মহলা কিম্বা পত্ৰৰ শব্দ ক্ৰমেই সৰ্বস্ব নহয় প্ৰেমৰ৷ ইয়াৰ অৰ্থ খুবেই বিশাল৷ নিজকে আনৰ বাবে ত্যাগ কৰি দিয়া মনোভাব, নিৰ্মল বুজাবুজিৰে প্ৰেম এক বিশিষ্ট পৃথিৱী৷
এনেদৰেই পাৰ কৰোঁ উজাগৰী নিশা

নিসংকোচে নিজান গাৰুখন বুকুত ভৰাওঁ
 গাৰুখনেই মোৰ একান্ত আপোন 
 আন্ধাৰত সংগ এৰে 
 পোহৰত সংগ দিয়া মোৰ ছাঁ
 সুখৰ দিনত বন্ধুত্বৰ পাৰ ভঙা উভৈনদী
 দুখৰ দিনত সেইবোৰেই প্ৰতাৰকৰ মৰা সুঁতি
 যেনেদৰে 
 সুখ-দুখত ৰং সলোৱা তুমি 
 ৰং সলায় এই ৰাতি 
 বুকুত বিষাদৰ একজাই বুলেট লৈ 
 জীয়াই আছোঁ 
 তোমাৰ ওঁঠৰ কৰমৰ্দনত উভতি আহিব 
 মোৰ প্ৰেমিক জীৱন 
 এতিয়া মাথোঁঁ এয়া বিলাসী সপোন
 নিশা হ’লেই বেৰি ধৰে তুমিহীনতাৰ যন্ত্ৰণা 
 জোনাক সোমোৱা খিৰিকীৰে এতিয়া 
 সোমাই আহে দুচকু ভিজোৱা বৰষুণ 
 দুলোচন লুণীয়া পানীয়ে গাৰু তিয়াই 
 পুৱতি নিশাৰ ৰ’দৰ চিঠিলৈ বাট চাওঁ
 এনেদৰেই পাৰ কৰোঁ আৰু এটা 
 উজাগৰী নিশা৷

✍ এন এইচ বৰদলৈ
কোৱা হৈছিল-"আৰু ফোন-মেচেচ নকৰিবা"

কালি ৰাতিত
 তৰল মানসিকতাৰ বৈপৰীত্য চিন্তাৰ সংকল্প
 পুৱা তোমাৰ ঘৰলৈ যোৱাৰ ৰাস্তাত দেখিলোঁ
 খুব সংকীৰ্ণ সময়ত
 এহাল প্ৰেমিক-প্ৰেমিকাৰ দ্বন্দ্বত
 সীমাহীন হাহাকাৰ-মৃত্যুৰ কিৰিলি
 গাঁওখন স্তব্ধ কৰি
 বিবৰ্ণহীন আত্মবিশ্বাস
 ক্ষত-বিক্ষত হৈ যোৱা দুয়োৰ পৰিয়ালৰ হৃদয়
 আৰু
 অচিনাকি কচাইৰ আন্তৰিকতাত
 কোৱা হৈছিল-"আৰু ফোন-মেচেচ নকৰিবা"--!
 সেইদিনাই মৃত্যু হৈছিল
 তুমি ভুলে ভালপোৱা মানুহজনৰ
 জানোঁ-,তেখেতে তোমাক ভালপোৱা নাছিল
 কিন্তু
 জনা নাছিলোঁ
 মৃত্যুৰ কোলাত শুৱাই দিব!

✍ এন এ ৰুবুল 
 মিৰ্জা, কটাহবাৰী,কামৰূপ (এম)
বৈধব্য

জীৱনৰ বোৱতী নদীৰ কোবাল গতিত
একেলগে আগবঢ়াৰ আছিল যে সংকল্প 
দুখোজ আগুৱাওঁতেই এৰি দিলা হাত
হাবাথুৰি খালেও বিচাৰি নাপাওঁ বাট
এতিয়া যে তুমি অজানমুলূকৰ যাত্ৰী 
সকলো জানিও নসহে হিয়া
জীৱনৰ চাকনৈয়াত আৱদ্ধ 
তোমাৰ উদাসী উৰ্মিলা 
কিমান যে অসহ্য…
জীয়া কলিজাৰ উত্তপ্ত বেদনা 
নুনুমায় আজীৱন হৃদয়ৰ লেলিহান শিখা 
সূৰ্য্যাস্তৰ ক্ষণ আন্ধাৰৰ পথিকেহে বুজে
মৌনতাৰেই লুপ্ত হয় প্ৰস্ফূটিত ফুলৰ অবুজ প্ৰহেলিকা 
কৰিলা জীৱন্তে দাহ 
থৈ গ’লা স্মৃতিৰ কৰুণ পঁজা
শৈশৱতে সন্তানকো দিলা 
বিৰহৰ বোজা 
সমস্ত ভাৰ এৰি কৰিলা প্ৰহাৰ 
এবাৰো নাচালা উলটি 
জীৱন যে মৰহা ফুলৰ পাহি 
আগুৱাইছো অকলেই জীৱন নদীৰ দিঙা
সংকল্প আছিল যে যাত্ৰা সম্পূৰ্ণ কৰা ...

✍ পল্লৱী গোস্বামী
সেউজীয়া কামিজ

 তোমাৰ জন্মদিন উপলক্ষ্যে দিয়া
 সেউজীয়া কামিজটো
 তুমি বাৰু কেতিয়াবা পিন্ধানে ?
 তোমাৰ দেহত আঁৱৰি লোৱানে
 মোৰ মৰমৰ আলিংগনক ?
 মন যায় জানা, তোমাক বাৰুকৈ চাবলৈ
 মই দিয়া সাজেৰে কেনেনো দেখি !
 সেউজীয়া কামিজতো পিন্ধিলে চাগৈ
 মনটোও সেউজীয়াৰে ভৰি যায় নহয়নে ?
 মৰমবোৰ দুগুণে বাঢ়ে
 মন পথাৰৰ সেউজীয়াবোৰো
 নকৈ গজি উঠে
 তোমাৰ উদ্ভাসিত হৃদয়ৰ সাঁজত ।
 এদিন আহিবাচোন, মই দিয়া
 মৰমৰ কামিজটো পিন্ধি ।
 দুয়ো নৈৰ পাৰত হাতে হাত ধৰি
 হেপাঁহ পলুৱাই মনৰ বতৰা ল'ম ।
 সেউজীয়াৰে ভৰাই তুলিম
 আমাৰ প্ৰেমৰ পৃথিৱীখনক ।
 আহিবা কিন্তু, মই দিয়া মৰমৰ
 সেই সেউজীয়া কামিজটো পিন্ধি
 মোৰ মানস পটত সযত্নে সাঁচি থ'ম
 তোমাৰ অপৰূপ প্ৰতিচ্ছবি
 যুগ-যুগান্তৰলৈ...

 ✍ৰাগিনী অলেমান
বেশ্যা 

 ষ্ট্ৰীটলাইটৰ পোহৰত গভীৰ হয়
 ব্যস্ত মহানগৰীৰ নিশাবোৰ।
 ৰঙা নীলা লাইটৰ পোহৰত
 চিনাকি মুখবোৰ অচিনাকি হয়।
 আন্ধাৰ কোঠালিটোৱেই হয়
 তাইৰ একমাত্ৰ ঠিকনা।
 দিনৰ পোহৰৰ ভদ্ৰবোৰ 
 নিশাৰ আন্ধাৰত অভদ্ৰ হয়।
 সিহঁতৰ আঙুলিবোৰে খেপিয়াই ফুৰে
 তাইৰ লাহী দেহৰ খলা- বমা ।
 কেতিয়াবা ব্যৰ্থ প্ৰেমিকৰ ঠিকনা হয়
 তাইৰ বিষাক্ত হৃদয়খন।
 এনিশাৰ বাবে হ‌য়
 সিহঁতৰ  বিশ্বাসী প্ৰেমিকা।
 কৃতিম আলিংগনেৰে চেষ্টা চলাই
 বেইমান প্ৰেমিকাই থানবান কৰা
 সিহঁতৰ ভগ্ন হৃদয় শান্ত কৰিব। 
 তথাপিও তাইৰ যে  কত দৰ-দাম,
 ধৰ্ষণ নাইবা অবৈধ আলিংগণৰ।
 সমাজৰ উপহাস আৰু বদনাম,
 যেন সকলো সতী সাবিত্ৰী
 আৰু তাইহে কেৱল নষ্ট কলংকিনী।

  ✍নয়ন মণি ডেকা
 হাজো, কামৰূপ,অসম
তুমি আৰু মই

 আজি বহুদিনে হ'ল….
 আমি ইজনে সিজনক নেদেখা
 চকুত চকু থৈ হাজাৰ সপোন সিঁচা …
 তথাপি অনুভৱ বোৰ কমি যোৱা নাই !
 এই যে মৰম নামৰ সাগৰখনত…
 দুয়ো একেলগে উটি ভাঁহি ফুৰা,
 ঢৌ বোৰে খুন্দা মাৰি হেতালি খেলা…
 তাকে চাই আমি দুয়ো মিচিক-মাচাক কৰা
 আহ…আৰু যে কত কি!
 আকৌ,
 মন যায়…
 তুমি যচা মৰম বোৰ
 এবাৰ হাতেৰে চুই চাবলৈ
 মোৰ অনুভবী হিয়াত ৰং সানিবলৈ
 আজি দেখোন বহু দিনে হ'ল…!

 ✍পূজা নাথ
 লখিমপুৰ
প্ৰেম আৰু ভালপোৱা 

 প্ৰেম, কি যে এক অদ্ভুত অনুভূতি৷ 
 সাগৰৰ দৰে বিশাল আৰু গভীৰ৷ 
 পোৱাৰ অনুভূতি সুখৰ আৰু 
 নোপোৱাৰ দুখৰ৷ 
 মোৰ দুয়োটা অনুভূতিয়ে খুবেই প্ৰিয়৷ 
 যেতিয়া জীৱনলৈ প্ৰেম আহে
 কিমান যে ভাল লাগে৷ 
 সেই ভাল লগা কপাহৰ দৰে কোমল, 
 নিয়ৰৰ দৰে শুভ্ৰ আৰু 
 অংকুৰিত বীজৰ দৰে সেউজীয়াৰে ভৰা! 
 পৃথিৱীখন সোণাৰুৰ হালধীয়া আৰু 
 কৃষ্ণচুড়াৰ ৰঙাৰে ৰঙীল হৈ পৰে৷ 
 অস্তগামী সূৰুযৰ হেঙূল বৰণীয়া ৰঙে
 সানি দিয়ে গোটেই দেহত প্ৰেমৰ ৰং৷ 
 প্ৰেমাস্পদৰ দুচকুত 
 কি যে এক বিশেষ আৰ্কষণ! 
 সকলো কথা যেন ভাঁহি আহে 
 হৃদয়ৰ পৰা হৃদয়লৈ৷ 
 প্ৰিয়জনক লগ পোৱাৰ মুহূৰ্ত্বত 
 শৰীৰটো যে ঠকঠককৈ কঁপিব ধৰে
 লাজত, ভয়ত আৰু লগ পোৱাৰ 
 অনাবিল আনন্দত৷ 
 আৱেগৰে ওপচি পৰে হিয়াৰ প্ৰতিটো কোণ৷ 
 প্ৰিয়জনৰ বুকুত নিজকে বুৰাই পেলোৱা 
 সীমাহীন ভালপোঁৱাৰে
 প্ৰত্যেকটো গানৰ শব্দত অনুভৱ কৰা
 ৰাতিৰ গভীৰতাত তেখেতৰ ভাৱনাত 
 নিজকে বিলীন কৰা 
 আৰু বৰষুণৰ টোপালবোৰত 
 এক বিশেষ অনুভূতিৰে তিয়াই পেলোৱা 
 অন্তৰ আত্মাক কঁপাই যোৱা 
 এই পবিত্ৰ অনুভূতিয়েই জানো প্ৰেম নহয়? 
 তেন্তে প্ৰেমত নোপোৱাৰ দুখ ক’ত? 
 ভাল লগা মুহূৰ্ত্ববোৰ সযতনে ৰাখি 
 জীৱনটো আকৌ জীপাল কৰোঁ আঁহক!

✍ৰাগিনী অলেমান
পৰাজয় 

 ভালপোৱা আছে কাৰণেই 
 পৰাজয়ৰ আনন্দই  পূৰ্ণ কৰে ফুলনিখন,
 আৰু সেইকাৰণেই ফুলনিখন
 এখন তেজে ধোৱা যুদ্ধক্ষেত্ৰ নহয় ৷
 আৰু তাত কিবাকিবি নিয়ম থাকে
 পৰাজয়ৰ চিহ্ন অঁকা,
 সেয়া এটি ৰঙা সূৰ্যও হ’ব পাৰে কপালত ৷
 আৰু তাত ফুলৰ ওচৰত পাতৰ পৰাজয়,
 পাতৰ ওচৰত শিপাৰ পৰাজয় ইত্যাদি, উৎসৱ ৷ 
 নাইবা, ক’ব পাৰি, সকলোৱে হাৰিছিল মনে মনে 
 সকলোৰে ওচৰত, আৰু এনেদৰেই সদায়
 ফুলনিখন কৃতজ্ঞতাৰ হাঁহিত ডুবি থাকে,
 আৰু ফুলনিখনৰ আলফুল বীজ এটিয়ে এদিন
 আকাশ বিচাৰি বতাহৰ বোকোচাত পাখি মেলে,
 তেতিয়াই ফুলনিখনৰ আশীৰ্বাদ চকুলোৰে বৈ আহে
 য’ত বীজটোৱে স্পৰ্শ কৰা আকাশৰ ওচৰত
 নতজানু হোৱাৰ সপোন সনা থাকে ৷

 ✍যশোৱন্ত নিপুণ
অধৰৰ প্ৰেয়সী

 মোৰ গানৰ সুৰত
 তুমি বিলীন হৈ
 তোমাৰ প্ৰেমৰ
 গভীৰতা জোখা ।
 মোৰ কবিতা কবিতা
 লগা কথাত
 তুমি বিভোৰ হৈ
 স্বপ্নৰ মেলা পাতা।
 আকাশী কাৰেঙৰ
 জোনটো হৈ
 তৰাৰ চোলা পিন্ধি
 মোৰ এন্ধাৰ ৰাতি
 পোহৰাই তোলা।
 অনুৰাগ মোৰ
 তোমাৰ অধৰৰ
 প্ৰেয়সী কৰি
 স্নিগ্ধ জোনাকৰ
 সপোন পুৰীলৈ
 মোক লৈ ব'লা।

 ✍ৰাগিনী অলেমান
 ক্ষেত্ৰী, কামৰূপ মহানগৰ
স্বপ্নৰ ৰ'দালি

 কেতিয়াবা এনে লাগে  এচাটি
 মলয়া বতাহ মোৰ হৃদয়ৰ 
 ৰিব ৰিব শিহৰণত মনৰ ঢৌ তুলি 
 আঁতৰি যোৱা দূৰ সীমনাত 
 হয়তো মেঘৰ মোহনাত ।
 নিথৰতো নহয় স্বপ্নৰ ৰ'দালি 
 পল-অনুপল কৰি বাগৰে সময়ৰ গতি 
 ৰাখিব খোজোঁ দুহাত সাৱতি ।
 নামানে জানা অভিমানী মনটোৱে মোৰ 
 এখন বোৱঁতী নৈ হৈ 
 মিলি যাব খোজোঁ  সাগৰৰ বিশালতালৈ ।
 আলফুলীয়া  মন,  আকলুৱা মৰম 
 বিচাৰোঁ তোমাৰ পলসতে 
 এটি ৰঙীন জীৱন।

 ✍ ৰীতামণি ডেকা ভৰালী
জীৱনামৃত

 মৰম আকলুৱা এধানি মনটোৰ
 বাবে তুমি অনন্ত সম্ভাৰ।
 তোমাৰ স'তে সময়বোৰ উভতি বয়,
 মই মোৰ হৈ নাথাকোঁ,
 তোমাৰ প্ৰেমৰ দাবীত ঋতুও থমকি ৰয়।
 তোমাৰ বাবেই, কেৱল তোমাৰ বাবেই
 মই হৈ ৰ'ম এখনি বোৱতী নৈ,
 যি নিৰৱধি বয় অসীমলৈ।
 আৰু তুমি, তুমি আকাশ হৈ ৰ'বা,
 বোৱাই যাবা মোৰ বুকুতেই
 তোমাৰ বৃষ্টিৰ কণিকা,
 সেই অমৃত ধাৰাৰে হৈ ৰম ম‌ই 
 অনন্ত সলিলা।

 ✍ৰশ্মিৰেখা বৰা
এপিয়লা প্ৰেম

 ভৰাই দিয়া প্ৰেমেৰে মনৰ পিয়লা
 ভৰাই দিয়া প্ৰেমেৰে মনৰ পিয়লা
 বাগৰি পৰিলেও পৰক 
 এটোপ দুটোপ প্ৰেম..
 পি যোৱা তেনেকৈয়ে  এপিয়লা প্ৰেম
 প্ৰেমাময় আবেলিত ডুব যোৱাকৈ
 প্ৰেমাস্পদৰ সন্তোষভৰা হাঁহিত
 আকুলতাৰে চোৱা নোচোৱা স্পৰ্শৰ
 আৱেশত মঞ্জৰিত হওক 
 এটি ক্ষুদ্ৰ বাসনা..
 চিনাকি অচিনাকি অনুৰাগত মন্ত্ৰমুগ্ধ
 মন্দ্ৰ মন্মথ ত্বৰান্বিত হওক সুদূৰলৈ
 সুৱাসিত প্ৰেমাৱেগৰ গন্ধ লাগি
 পিয়লা পিছলি  পৰিলেও পৰক 
 এটোপ দুটোপ প্ৰেম...

 ✍নৱশ্রী সোণোৱাল
শুভমিলন

(১)
শুভমিলনৰ ক্ষণত অতীজ প্ৰেমমত্ত শিহৰণে
বক্ষত তুলিছে হৃদ্বোধ জোৱাৰ।
জলৰাশিৰ অবিহনে সাগৰৰ গভীৰতাৰ
অৰ্থই বা কি?
তোমাৰ অবিহনে জীয়াই থকাৰ
প্ৰেৰণাই বা কি?
হোমৰ জুইক সাক্ষী কৰি দুটি মন এক হৈ
বিষাদময় প্ৰেমৰ প্ৰতিচ্ছবিবোৰ ভস্মীভূত কৰি
মধুৰত্ব প্ৰেমৰ সময়বোৰ
সপ্তপদীৰ খোজৰ বিশ্বাসৰে বান্ধি
নব্যত জীৱন  গঢ়িলোঁ।

(২)
পুত্ৰৰ শুভক্ষণত মাতৃৰ অন্তৰাত্মাৰ হাহাকাৰ
স্বপ্নৰ ঘৰৰ ভেটিটো আজীৱন দৃঢ় কৰি ৰখাৰ
দেউতাৰ বুকু উদং কৰি আগমনকাৰী 
আলফুলীয়া গোলাপ পাহিক
নিজস্ব শৈলী মৰমৰ বান্ধোনেৰে আঁকোৱালি লোৱাৰ।

(৩)
পুত্ৰীৰ বিদয়ক্ষণত 
সূৰুযমুখী ঘৰখনত হঠাৎ আবিৰ্ভাৱ হ'ল
ক'লা ডাৱৰৰ এক বিভীষিকাৰ
পিতৃ - মাতৃৰ চকুলোৰ বৃষ্টিৰ ধাৰাৰে
বৈ গল এক নতুন জলাশয়ৰ।

✍মোহাইমিনুৰ ৰহমান
অনুৰাগ… মৰমৰ

 নীলিমাৰ আঁচলত
 দগমগাই জিলিকে 
 এটি ৰঙীণ আবেলি
 ফাগুনৰ পচোৱাই
 উৰুৱাই নিয়া উৰুঙা মনত
 সোণাৰুৰ হালধীয়াবোৰে
 সিঁচি দিয়ে এমুঠি হেঁপাহ
 তৃষিত দৃষ্টিৰ অন্বেষণত
 এচপৰা ডাৱৰ
 বুকুত কঢ়িয়ায় যি অনুৰাগ
 পলাশৰঙী মৰমৰ…।

 ✍ৰশ্মিৰেখা বৰা

নাৰী বিষয়ক কবিতা

E-Paper

Back to top button
%d bloggers like this: