প্ৰেমৰ লিমাৰিক | Super 100

বিভিন্ন উৎসৰ পৰা সংগৃহীত কেইটামান প্ৰেমৰ লিমাৰিক :

(১)
তোমাক নাপালে লিখিম মই বিৰহৰ লিমাৰিক
তোমাক হেৰুৱালে হ’মগৈ মই সাগৰৰ নাবিক
জাহাজেই হ’ব মোৰ সংগী
দাৰ্শনিকৰ দৰে হ’ব মোৰ ভংগী
দাড়িয়ে গোঁফে ভোবোকাৰ হৈ সুঁৱৰিম তোমাৰ ছবিক।


(২)
স্মৃতিবোৰে উক দিয়ে দেখিলে তোমাৰ হাঁহি
প্ৰতিনিশা বজাওঁ মই আৱেগৰ কৰুণ বাঁহী
আশাৰ পথাৰত কঁঠীয়া সিঁচি
জোনাকী কাৰেঙত সপোন ৰচি
প্ৰেম পিয়াসী মই যেন সন্ধিয়াৰ এটি বালিমাহী।


(৩)
কেনেকৈ আদৰিম মই তোমাক মোৰ মৰমৰে জোন
মূৰত থ’লে ওকণিয়ে খায় মাটিতো পিপৰা দেখোন
পলে পলে বাঢ়ে মৰম
বুজি নাপাওঁ ঠাণ্ডা গৰম
কাষতেই বিচাৰোঁ তোমাক অ’ কলিজাৰ কেঁচা সোণ।


(৪)
তামোল গছত লাগিছে বহুত পান
তাৰ পৰা দুখন মান চিঙি আন
মোক এখন তামোল দিলে
হিয়াখন মোৰ একেবাৰে নিলে
ঐ ব’হাগী, তই কেতিয়া ধৰিবি মোক মান।


(৫)
নতুনকৈ প্ৰেমত পৰা অভিলাষ চৱৰ
হ’লেই যেনিবা তেওঁ মোৰ খুড়াৰ লগৰ
চুলিত দিনৌ কলপ কৰে
মোবাইল চাই বাৰে বাৰে
আহিছে কিজানিবা মৰমীৰ খবৰ৷


(৬)
হেৰৌ কণপাই , তই আহিবিনে এতিয়া
একলগে চিনেমা চাবলৈ যাব পাৰিম তেতিয়া
ৰৈ থাকিব সিহঁত
চিনেমা হলৰ আগত
মুঠ দহজন হ’ম, আমি দুয়ো গৈ পাম যেতিয়া।


(৭)
ছোৱালী ধুণীয়া মাগুৰ বৰণীয়া বুলি বিজ্ঞলোকে কয়
তেনে ছোৱালীৰ ৰূপ লাৱণ্য দেখি ডেকাবোৰ বলীয়া হয়
এজনীৰ পিছত সাতটামান দৌৰে
চকুযুৰিলৈ চালে নিজক পাহৰে
” ৰূপে কি কৰে গুণে সংসাৰ তৰে ” ফকৰাটো সময়ত ওলোটাহে হয়।


(৮)
ধুণীয়া ছোৱালী আছে বহুত যিদৰে ফুলনিত ফুলি আছে অসংখ্য ফুল
হাতত যদি ধন নাই নাচাবা কেতিয়াওঁ সিহঁতলৈ নকৰিবা ভুল
সিহঁতৰ প্ৰেমৰ জালত পৰি
থকা ধনকেইটাও শেষ কৰি
অৱশেষত তুমি হাতত ল’বলগীয়া হ’ব পাৰে এপাট মস্ত ত্ৰিশূল ।


(৯)
প্ৰেমৰ যাদুৱে সকলোকে সুবাসিত কৰে
জীৱন যে কাঁইটীয়া হৃদয়খনে অনুভৱেই নকৰে
কাঁইটৰ মাজৰ গোলাপ
বাকৰুদ্ধ কৰে ভালপোৱাক
বিশ্বাস হেৰাই গ’লে ভালপোৱাৰ অন্ত পৰে।


(১০)
প্ৰিয়জনকো দিবলৈ সময় যে নাই,
পাৰ ভঙা উছাহেৰে পোহৰ বিলায়।
বছৰ পাঁচটা গ’ল
সলনি একো নহ’ল
কান্দি উঠে হিয়া এনে অপযশ পায়।


(১১)
এসময়ত আছিলো মই তিনিজনীৰ লাভাৰ
প্ৰ’প’জেলত ফেইলাৰ হৈ বিয়েৰ খালো অ’ভাৰ
হাত ভৰি চিয়াঁ হ’ল
পেট গুচি ডুলি হ’ল
ডাক্তৰে বোলে মোৰ ক্ষয় গৈছে লিভাৰ।

লিমাৰিকৰ বৈশিষ্ট্যলিমাৰিক কবিতাপ্ৰেমৰ লিমাৰিক
খুহুতীয়া লিমাৰিকৰাজনীতিৰ লিমাৰিক

Back to top button
%d bloggers like this: