অসম

প্ৰয়াত সাংবাদিক ইন্দ্ৰ মোহন হাকাচামৰ স্মৃতিত “সংবাদ ইন্দ্ৰ গ্ৰাম্য বঁটা ২০২০-২১” প্ৰদান সাংবাদিক বেদিশ চন্দ্ৰ নাথ আৰু সমীন কলিতালৈ

সংবাদদাতা, দুধনৈ:- সাংবাদিক অসম কৰ্ম পৰিষদ অসমৰ গোৱালপাৰা জিলা সমিতিয়ে যোৱা ২০০৮ ইং বৰ্ষৰ পৰাই প্ৰয়াত সাংবাদিক ইন্দ্ৰমোহন হাকাচামৰ স্মৃতিত প্ৰতিবছৰে “সংবাদ ইন্দ্ৰ গ্ৰাম্য” বঁটা প্ৰৱৰ্তন কৰি আহিছে। আজি গোৱালপাৰা জিলাৰ টুকুৰা মধ্য ইংৰাজী বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হোৱা এক বঁটা প্ৰদান অনুষ্ঠানত কামৰূপ জিলা হাজো আস্থানৰ দৈনিক অসম কাকতৰ জেষ্ঠ্য সাংবাদিক তথা সাহিত্যিক সমীন কলিতালৈ “সংবাদ ইন্দ্ৰ গ্ৰাম্য বঁটা-২০২১” আৰু গোৱালপাৰা জিলাৰ লক্ষ্মীপুৰ আস্থানৰ প্ৰাগ নিউজৰ সাংবাদিক বেদিশ চন্দ্ৰ নাথক সংবাদ ইন্দ্ৰ গ্ৰাম্য বঁটা-২০২০” প্ৰদান কৰা হয়। সাংবাদিক অসম কৰ্ম পৰিষদৰ গোৱালপাৰা জিলা সমিতিৰ সভাপতি নীলমণি শৰ্মাই সভাপতিত্ব কৰা সভাৰ আৰম্ভণিতে প্ৰয়াত সাংবাদিক ইন্দ্ৰ মোহন হাকাচামৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্জ্বলন কৰে সাংবাদিক কৰ্ম পৰিষদ অসম গোৱালপাৰা জিলা সমিতিৰ সম্পাদক কন্দৰ্প নাথে। “সংবাদ ইন্দ্ৰ গ্ৰাম্য বঁটা- ২০২০”ৰ বাবে নিৰ্বাচিত গোৱালপাৰা জিলাৰ লক্ষ্মীপুৰ আস্থানৰ বৈদ্যুতিন মাধ্যম প্ৰাগ নিউজৰ সাংবাদিক বেদিশ চন্দ্ৰ নাথে ২০০৪ চনত “এন ই টিভিত” যোগদান কৰি শেহতীয়া ভাবে ২০১৯ চনৰ পৰা বৰ্তমানলৈ প্ৰাগ নিউজৰ সাংবাদিক হিচাপে ৰাইজৰ সেৱা আগবঢ়াই আহিছে। আনহাতে “সংবাদ ইন্দ্ৰ গ্ৰাম্য বঁটা” ২০২১ৰ বাবে নিৰ্বাচিত ১৯৭২ চনৰ পৰা “অসম বাতৰি” কাকতৰ জৰিয়তে সাংবাদিকতা আৰম্ভ কৰা কামৰূপ জিলাৰ জেষ্ঠ সাংবাদিক তথা সাহিত্যিক সমীন কলিতাই বৰ্তমান একাগ্ৰতা আৰু নিষ্ঠাৰে “দৈনিক অসম” কাকতত হাজোৰ পৰা সাংবাদদাতা হিচাপে কাম কৰি আছে। সংবাদ সেৱাৰ উপৰিও তেওঁ সাহিত্য সাধনাৰ জৰিয়তে ৫০ খনৰো অধিক গ্ৰন্থ ৰচনা কৰি অসমীয়া সাহিত্যৰ ভেটি টনকিয়াল কৰিছে। দুয়োগৰাকী সাংবাদিকক জিলা সমিতিৰ তৰফৰ পৰা একোখনকৈ ফুলাম গামোচা, জাপি, শৰাই, স্মাৰক, সম্বৰ্ধনা পত্ৰ আৰু নগধ ধন প্ৰদান কৰা হয়। বঁটা প্ৰদান অনুষ্ঠানৰ উদ্বোধনী ভাষণ প্ৰদান কৰে জিলাখনৰ জেষ্ঠ্য সাংবাদিক তথা সাংবাদিক কৰ্ম পৰিষদ অসমৰ উপদেষ্টা চৈয়দ ৰবিউল হকে। উদ্বোধনী ভাষণত তেওঁ কয় যে সাংবাদিক সকলে জীৱন মৰণৰ প্ৰত্যাহ্বানৰ মাজেৰে নিজৰ দায়িত্ব পালন কৰি যাব লাগে। তেনেস্থলত একাংশ পৰ্টেল চেনেলৰ সাংবাদিকে মেইন ষ্টিমৰ সাংবাদিক সকলক বিপদত পেলোৱা দেখা গৈছে। তেওঁ ভবিষ্যতৰ দিনত জিলা খনৰ ৫০ৰো অধিক মাছ কমিউনিকেচনৰ লগত জড়িত ছাত্ৰ ছাত্ৰী সকলক লৈ আশাবাদী। আনহাতে সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৰাভা হাছং স্বায়ত্ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী টংকেশ্বৰ ৰাভাই ভাষণ প্ৰসংগত কয় যে, আজিৰ প্ৰজন্মই সংবাদ সেৱাক জীৱনৰ বৃত্তি হিচাপে লব পাৰে। প্ৰত্যাহ্বানৰ মাজেৰে সংবাদ সংগ্ৰহ কৰা ভিন্ন অভিজ্ঞতাৰে পুষ্ট সাংবাদিক সকলক মৰমৰ দৃষ্টিৰে চাব লাগে। তেওঁলোকেই হ’ল সমাজ গঠন প্ৰক্ৰিয়াৰ অংশস্বৰূপ। সভাত বঁটা প্ৰাপক বেদিশ চন্দ্ৰ নাথ আৰু সমীন কলিতাই সংবাদ জীৱনৰ বিভিন্ন অভিজ্ঞতাৰ কথা ৰাইজৰ আগত সাৱলীল ভাবে বৰ্ণনা কৰাৰ সাংবাদিকতাৰ ক্ষেত্ৰ খনত প্ৰয়াত ইন্দ্ৰমোহন হাকাচামৰ অৰিহণাৰ কথা শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। ইয়াৰ উপৰিও কৃষ্ণাই হাব্ৰাঘাট মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মণ্টু কুমাৰ দাসৰ লগতে কেবাগৰাকী ব্যক্তি, ৰাইজ তথা জিলাখনৰ সাংবাদিক সকল উপস্থিত থাকে।

Show More

Leave a Reply

Your email address will not be published.

Back to top button