অসম

প্ৰয়াত ৰাজেন্দ্ৰ নাথ গোহাঁইৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত গ্ৰন্থ উন্মোচন

সংবাদদাতা, পুৰণিগুদাম:- নগাঁও জিলাৰ পুৰণিগুদাম ম’হপৰা গাঁৱৰ নিবাসী শিল্পী, সাহিত্যিক, সমাজকৰ্মী তথা অৱসৰপ্ৰাপ্ত শিক্ষা বিষয়া ৰাজেন্দ্ৰ নাথ গোঁহাই যোৱা ২৪ ডিচেম্বৰত গুৱাহাটীৰ নেমকেয়াৰ হস্পিতালত মৃত্যু হয়। পুৰণিগুদামৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত মৃত্যুৰ আগ মুহূৰ্তলৈকে জড়িত হৈ থকা ৰাজেন্দ্ৰ নাথ গোঁহাইৰ কৰ্মৰাজি যুগমীয়া কৰি ৰাখিবলৈ পুৰণিগুদামৰ কেইবাজনো ব্যক্তিয়ে প্ৰকাশ কৰি উলিয়ালে “শিল্পী, সাহিত্যিক, সমাজকৰ্মী, শিক্ষা বিষয়া ৰাজেন্দ্ৰ নাথ গোঁহাই” নামৰ গ্ৰন্থখনি। দুলাল বৰা, নীলৰঞ্জন শৰ্মা, ৰঞ্জন বৈৰাগীৰ সম্পাদনাত প্ৰকাশিত গ্ৰন্থখনি আজি তেওঁৰ আদ্যশ্ৰাদ্ধত আনুষ্ঠানিকভাৱে উন্মোচন কৰে পুৰণিগুদামৰ বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক পেঞ্চনাৰ, সমাজকৰ্মী ফণীন্দ্ৰ নাথ গায়নে। ম’হপৰা গাঁওবাসীৰ লগতে বৃহত্তৰ অঞ্চলটোৰ বহু সংখ্যক ভকত বৈষ্ণৱৰ উপস্থিতিত অনুষ্ঠিত হোৱা স্মৃতিচাৰণ সভাত ৰাজেন্দ্ৰ নাথ গোঁহাইৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰে সমাজকৰ্মী দুলাল বৰা আৰু পূৰ্ণানন্দ বাৰিকে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: