অসম

পৰিয়ালৰ একমাত্ৰ উপার্জনকাৰী পোষ্ট ক’ভিডত মৃত্যু

অন্ধকাৰ নামি আহিছে দহ বছৰীয়া কন্যা সহ মাতৃৰ জীৱনলৈ

সংবাদদাতা, পূৱ যোৰহাট বাহনা:- উত্তৰ যোৰহাটৰ পটীয়া গাঁও অঞ্চলৰ কাঠকটীয়াৰ অঞ্জন বৰা(গণেশ) আজি যোৰহাট চিকিৎসা মহাবিদ্যালয়ত দিনৰ ১২-০০ বজাত মৃত্যু হয়। কৰ’নাত আক্ৰান্ত হৈ বিগত ২২দিন তেওঁ চিকিৎসাধীন হৈ আছিল। অৱশ্যে কেইদিনমানৰ পূৰ্বে তেওঁক চিকিৎসালয় কৰ্তৃপক্ষই কৰ’না নিগেটিভ

ঘোষণা কৰে আৰু আজি মৃত্যুৰ পিছতো নিগেটিভ পায়। পোষ্ট কোভিডত মৃত্যু হোৱা ব্যক্তিজন হৃদযন্ত্ৰ আৰু মধুমেহ ৰোগটো আক্ৰান্ত আছিল।দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া প্রায় চল্লিশ বছৰীয়া ব্যক্তিজনৰ মৃত্যুৱে এতিয়া পৰিয়ালটোলৈ অমানিশা কঢ়িয়াই আনিছে। পিতৃৰ একমাত্ৰ পুত্ৰ অঞ্জনে পৰিবাৰ

আৰু ১০ বছৰীয়া কন্যাক এৰি গৈছে। চৰকাৰী আবাসগৃহৰ পৰাও বঞ্চিৎ পৰিয়ালটোৱে এটি বাঁহৰ গৃহত বাস কৰে। পৰিয়ালৰ একমাত্ৰ উপার্জনকাৰীজনক হেৰুৱাই এতিয়া পৰিয়ালটোৱে দিকবিদিক হেৰুৱাইছে। পৰিয়ালটোৰ প্ৰতি সমাজৰ সহৃদয় সকলৰ সাহায্য  অঞ্চলবাসীয়ে কামনা কৰিছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: