অসম

পৰিৱেশ কৰ্মীৰ জন্মদিনত চুকাফা সমন্বয় ক্ষেত্রত গছপুলি ৰোপণ

সংবাদদাতা, পশ্চিম যোৰহাট:- যোৰহাট চন্দন নগৰৰ নিবাসী, গড়কাপ্তানী গৃহ বিভাগৰ অৱসৰপ্ৰাপ্ত অভিযন্তা সত্যেন লাহনে নিজৰ জন্মদিনত যোৰহাট ম’হবন্ধাস্থিত চুকাফা সমন্বয় ক্ষেত্ৰ প্ৰাঙ্গনত গছপুলি ৰোপণ কৰে। গছপুলি ৰোপণ কাৰ্যসূচীত চুকাফা সমন্বয় ক্ষেত্ৰৰ উপাধ্যক্ষ ডঃ দয়ানন্দ বৰগোহাঞি, সমাজসেৱীকা লক্ষ্যহীৰা বৰা, পশ্চিম যোৰহাট সাংবাদিক সংস্থাৰ সম্পাদক মৃদুল হাজৰিকাই সহযোগিতা আগবঢ়ায়। উল্লেখ্য, লাহনে যোৰহাটৰ লগতে মাজুলী জিলাৰ বিভিন্ন স্থানতো হাজাৰৰো অধিক গছপুলি ৰোপণ কৰি প্ৰতিপালন কৰি আছে।

তেওঁ ফল-মূলৰ লগতে ৰাজ্যখনত প্ৰাপ্ত মূল্যৱান গছপুলি ৰোপণ কৰিছে। পৃথিৱীখন সেউজীয়া কৰি ৰখাৰ উদ্দেশ্য ৮ বছৰৰ আগৰে পৰা তেওঁ এই কাৰ্য কৰি আহিছে। মাজুলীত তেওঁ “গ’লডেন এণ্ড গ্ৰীণ ড্ৰিম আসাম” নামেৰে গছপুলি ৰোপণৰ পৰিকল্পনা কৰিছে। তেওঁৰ এই কাৰ্যৰ সফল ৰূপায়ণত ৰাইজৰ সহযোগিতা কামনা কৰিছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: